অসম

assam

ETV Bharat / state

ভদিয়া বানৰ কৱলত থাওৰাৰ ২১খনৰো অধিক গাঁও - ডিমৌ প্ৰেছ ক্লাৱ

থাওৰা সমষ্টিৰ দিহিং কলঘৰ, দিহিংমুখ লাইবিল আদিকে ধৰি ২১ খনৰো অধিক গাঁও এতিয়া বানৰ কৱলত পৰিছে । অঞ্চল কেইটাৰ সকলো বাট-পথ, ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে বুৰাই পেলাইছে ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে ।

More than 21 villages in Thowra are flood affected
ভদিয়া বানৰ কৱলত থাওৰাৰ ২১খনৰো অধিক গাঁও

By

Published : Aug 30, 2021, 4:13 PM IST

মৰাণ, 30 আগষ্ট :ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে থাওৰা সমষ্টিৰ দিহিং কলঘৰ, দিহিংমুখ লাইবিল আদিকে ধৰি ২১খনৰো অধিক গাঁও এতিয়া বানৰ কৱলত । বৃহত্তৰ অঞ্চল কেইটাৰ সকলো বাট-পথ, ঘৰ-দুৱাৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলোৱাৰ লগতে বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা ৷ দিহিং কলঘৰ আৰু দিহিংমুখ লাইবিলৰ অধিকাংশ বানাক্ৰান্ত লোকে এতিয়া ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৷

বানাক্ৰান্ত লোকসকলক অলপ হ'লেও সাহস দিয়াৰ লগতে সহায়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে সমাজকৰ্মী তথা ডিমৌ প্ৰেছ ক্লাৱৰ সভাপতি অজয় কুমাৰ গগৈয়ে ৷ অজয় কুমাৰ গগৈৰ নেতৃত্বত যোৱা এটা দলে বানৰ কৱলত পৰা অঞ্চলৰ শিশু সকলৰ মাজত খাদ্য সমাগ্ৰী বিতৰণ কৰাৰ লগতে সাধাৰণ লোকসকলৰ অৱস্থাৰ বুজ লয় ৷

ভদিয়া বানৰ কৱলত থাওৰাৰ ২১খনৰো অধিক গাঁও

লগতে পঢ়ক:কাগজ কল নিলামত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

ডিমৌ প্ৰেছ ক্লাৱৰ সভাপতি অজয় কুমাৰ গগৈয়ে সাংবাদিকৰ আগত সদৰি কৰা মতে, বানাক্ৰান্ত অঞ্চলকেইটাৰ ৰাইজে প্ৰশাসনৰ ফালৰ পৰা এতিয়াও প্ৰয়োজন সাপেক্ষে কোনো ধৰণৰ সহায়-সহযোগিতা লাভ কৰা নাই ৷ ইফালে পশুধনৰ ক্ষেত্ৰতো ব্যাপক খাদ্য সংকটে দেখা দিছে বুলি সদৰি কৰিছে অজয় কুমাৰ গগৈয়ে ৷

দিহিং কলঘৰ আৰু দিহিংমুখ লাইবিল অঞ্চল দুটা বানৰ কৱলত পৰা চাৰি-পাঁচ দিন অতিক্ৰম কৰিলে, কিন্তু বৰ্তমান সময়লৈকে প্ৰশাসনৰ কোনো লোক উক্ত অঞ্চল দুটাত উপস্থিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ কোনো এগৰাকী জনপ্ৰতিনিধিও বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বৰ বাবে উক্ত অঞ্চল কেইটাত উপস্থিত হোৱা নাই ৷

গতিকে এনে ক্ষেত্ৰত অতি সোনকালে বানাক্ৰান্ত অঞ্চল কেইটাৰ ৰাইজৰ এই বিপদৰ সময়ত সহায়ক হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে অজয় কুমাৰ গগৈয়ে ৷

লগতে পঢ়ক:কলিয়াবৰৰ বানাক্ৰান্তৰ মনৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

ABOUT THE AUTHOR

...view details