অসম

assam

By

Published : Mar 15, 2021, 10:38 PM IST

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুই শতাধিক যুৱকৰ বিজেপিত যোগদান

সোমবাৰে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে সোণাৰি বিধানসভা সমষ্টিৰ বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীসহ দুই শতাধিক যুৱকে ৷ দলটোত যোগদান কৰি আগন্তুক দিনত দলটো আগবঢ়াই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় যুৱক সকল ৷

more-than-200-youth-joined-in-bjp-at-mahmora-in-presence-of-cm
মাহমৰাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুই শতাধিক যুৱকৰ বিজেপিত যোগদান

মৰাণ,15 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ইয়াকে লৈ এতিয়া ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ নিৰ্বাচনী বতাহ ৷ ইয়াৰ মাজতে সোমবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিত যোগদান কৰে দুই শতাধিক যুৱকে ৷

মাহমৰাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুই শতাধিক যুৱকৰ বিজেপিত যোগদান

বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ ক্ৰীড়া কোষৰ মুখ্য আহ্বায়ক তথা যুৱ নেতা লাচিত গগৈৰ উদ্যোগত বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে সোণাৰি বিধানসভা সমষ্টিৰ বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীসহ দুই শতাধিক যুৱকে ৷

মাহমৰাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুই শতাধিক যুৱকৰ বিজেপিত যোগদান

উল্লেখ্য যে,টাই আহোম যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ আদিবাসী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে দুই শতাধিক বিভিন্ন যুৱকেদলটোত যোগদান কৰি আগন্তুক দিনত দলটো আগবঢ়াই নিবলৈ প্ৰতিশ্ৰুতি বদ্ধ হয় ৷ এই যোগদান কার্যৰ মূল উদ্যোক্তা যুৱ নেতা লাচিত গগৈয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, সোণাৰি সমষ্টিৰ বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰক বিপুল ভোটত জয়ী কৰাবলৈ তেওঁৰ এইটো প্ৰচেষ্টা মাথোঁ ।

লগতে পঢ়কঃসমষ্টিক পাহৰিলে বিধায়ক বিনোদ হাজৰিকাই !

ABOUT THE AUTHOR

...view details