অসম

assam

ETV Bharat / state

মৰাণৰ তিলৈত সাপ্তাহিক মহিলা বজাৰ মুকলি

নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী পদক্ষেপ ৷ তিলৈত মুকলি হ'ল এখন সাপ্তাহিক মহিলা বজাৰ । উক্ত বজাৰখনত উপলব্ধ হ'ব থলুৱা শাক-পাচলিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটসমূহে তৈয়াৰ কৰি উলিওৱা বিভিন্ন ঘৰুৱা সা-সামগ্ৰী ।

By

Published : Sep 28, 2019, 9:32 PM IST

তিলৈত সাপ্তাহিক মহিলা বজাৰ মুকলি

মৰাণ, 28 ছেপ্টেম্বৰঃ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বিতা প্ৰদানৰ উদ্দেশ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত আৰু খণ্ড অভিযান প্ৰৱন্ধন গোট খোৱাঙৰ অধীনত শনিবাৰে তিলৈ নগৰ গ্ৰাম্য বজাৰত এখন মহিলাৰ সাপ্তাহিক বজাৰ শুভাৰম্ভ কৰা হয়। 'সম্প্ৰীতি' শীৰ্ষক মহিলা সাপ্তাহিক বজাৰখন শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। প্ৰতি শনিবাৰে বহিব লগা বজাৰখনত শুভাৰম্ভণীৰ দিনা মৰাণ সমষ্টিৰ শতাধিক মহিলা আত্মসহায়ক গোটে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰে। বজাৰখন শুভাৰম্ভ কৰি বিধায়কজনে সাংবাদিকৰ আগত কয় যে উন্নয়নৰ দিশত মহিলাসকল আৰু এখোজ আগুৱাই গ'ল। বজাৰখনে গ্ৰাম্য অৰ্থনীতিত নতুন দিগন্ত সূচনা কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে। উল্লেখ্য যে সমষ্টিটোত বহু মহিলা আত্মসহায়ক গোটে বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰি আহিছে যদিও এখন উপযুক্ত বজাৰৰ অভাৱৰ বাবে তেওঁলোকে উপযুক্ত সংখ্যক গ্ৰাহক লাভৰ পৰা বঞ্চিত হৈ আহিছিল। বজাৰখনে তেওঁলোকৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলিও মহিলাসকলে সাংবাদিকৰ আগত মত ব্যক্ত কৰে ।

মৰাণৰ তিলৈত সাপ্তাহিক মহিলা বজাৰ মুকলি

ABOUT THE AUTHOR

...view details