মৰাণ,৬ নৱেম্বৰ:ৰাজ্যৰ স্বাস্থ্য খণ্ড প্ৰকৃততে কেনেদৰে চলিছে(Assam Health Department) । মৰাণ ৰাজ্যিক চিকিৎসালয়ত লগাই ৰখা এখন জাননীয়ে হাঁহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে মৰাণবাসীৰ মাজত । জাননীখনত স্পষ্টকৈ লিখা আছে চিকিৎসকৰ নাটনিৰ বাবে ২৪×৭ জৰুৰী সেৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । সেয়েহে ৫ নৱেম্বৰৰ সন্ধিয়া ৮ বজাৰ পৰা Night Shift পুৱা বহিঃবিভাগ নোখোলা পৰ্যন্ত অৰ্নিদিষ্ট কাললৈ বন্ধ থাকিব(Moran State Dispensary Night Service closed) । এই জাননী জাৰি কৰিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনাধিষ্ঠ চৰকাৰখনে স্বাস্থ্য বিভাগক লৈ যিমানেই উন্নয়নৰ ঢাক ঢোল বজাই আহিছে সিমানে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপটো পোহৰলৈ আহিছে । ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামুৰীয়া অঞ্চল মৰাণত ১৯০৫ চনতে স্থাপিত হোৱা মৰাণ ৰাজ্যিক চিকিৎসালয়ত এতিয়া চিকিৎসকৰ অভাৱ(Lack of Moran State Dispansary doctors) । যাৰ বাবে নিশাৰ ভাগৰ জৰুৰীকালীন সেৱা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিব লগা হৈছে(Emergency services suspended indefinitely) ।