মৰাণ, ৪ ডিচেম্বৰ: ডিব্ৰুগড়ৰ মৰাণৰ সমীপৰ মাহমৰা বৰবিল মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক প্ৰয়াত প্ৰবীণ গগৈৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি বুধবাৰে স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় ৷ প্ৰয়াত শিক্ষক তথা সাংস্কৃতিক কৰ্মীগৰাকীৰ মাহমৰা কুন্দাৰু বৰবিলস্থিত নিজা বাসগৃহত বিশিষ্ট সাংস্কৃতিক কৰ্মী দ্বিপেন কুমাৰ বৰুৱাৰ সঞ্চালনাত সভাখন অনুষ্ঠিত হয় । স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে প্ৰয়াত প্ৰবীণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে বৰবিল মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে ৷
মৰাণত শিক্ষক-সাংস্কৃতিক কৰ্মী প্ৰবীণ গগৈৰ স্মৃতিচাৰণ সভা সম্পন্ন
মৰাণৰ মাহমৰা কুন্দাৰু বৰবিলত শিক্ষক তথা সাংস্কৃতিক কৰ্মী প্ৰবীণ গগৈৰ স্মৃতিচাৰণ সভা সম্পন্ন । প্ৰয়াত শিক্ষকগৰাকীৰ স্মৃতিত গ্ৰন্থ উন্মোচন । 'প্ৰবীণ গগৈঃ জীৱন আৰু কৃতি' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে চৰাইদেউ জিলা সাহিত্য সভাৰ উপ-সভাপতি নিৰঞ্জন ফুকনে ৷
সংবাদকৰ্মী নিৰঞ্জন শইকীয়াই আঁত ধৰা স্মৃতিচাৰণ সভাত প্ৰয়াত প্ৰবীণ গগৈৰ 'প্ৰবীণ গগৈঃ জীৱন আৰু কৃতি' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে চৰাইদেউ জিলা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্ট কবি নিৰঞ্জন ফুকনে ৷ গ্ৰন্থ উন্মোচন কৰি নিৰঞ্জন ফুকনে প্ৰবীণ গগৈৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷ সভাত শিক্ষক ৰঞ্জিত গগৈ, দুলেশ্বৰ লুখুৰাখন, বেণু প্ৰসাদ পুৰী, পৱিত্ৰ গগৈ, দেৱেশ্বৰ চেতিয়া, কবি নোমল চেতিয়া, সাংস্কৃতিক কৰ্মী ৰাজেন বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিপিএফ প্ৰতিদ্বন্দিতাত নাই : হিমন্ত বিশ্ব শৰ্মা