মৰাণ, 9 অক্টোবৰ : মৰাণত ১৩.৫০ কোটি টকাৰ ব্যয়ৰে চলি থকা নলা আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম এতিয়া যেন ভেঁকোভাওনালৈ পৰিণত হৈছে । কেইমাহমানৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় ঘাইপথটোৰ বাবে প্ৰায় ১৩.৫০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া কামৰ আধাৰশিলা উদ্বোধন কৰি থৈ যোৱাৰ পিছত এন.এইচ.আই.ডি.চি.এল.ৰ পৰা শিমলুগুৰিৰ বি. বি. কনষ্ট্ৰাকচন নামৰ প্ৰতিষ্ঠানটোৱে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু নলাৰ কাম কৰি আছিল । পৰিতাপৰ বিষয় যে,ট্ৰেফিক পইণ্টৰ সমীপত যোৱাকালি নৰ্দমা নিৰ্মাণৰ বাবে প্ৰশাসন তথা এন.এইচ.আই.ডি.চি.এল.য়ে দেখুৱাই দিয়া অনুযায়ী ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বাৰাণ্ডা পৰ্যন্ত খান্দি দিয়া হৈছিল ৷ তদুপৰি উক্ত সীমা নিৰ্ধাৰণত বিভিন্ন দল সংগঠনৰ লগতে ৰাজ্যিক গড়কাপ্তানি মন্ত্ৰী যোগেন মহনো উপস্থিত আছিল ৷
মৰাণত নিৰ্মীয়মাণ নৰ্দমাৰ কামত ব্যাপক অনিয়মৰ অভিযোগ - মৰাণ নগৰ
বৃহস্পতিবাৰে নলা খান্দি থকা অৱস্থাতে কাম বন্ধ কৰি দিয়ে কেইজনমান ব্যৱসায়ীৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰবিষয়াই । লগতে সেই খন্দা অংশ পূৰণ কৰিবলৈও ঠিকাদাৰ পক্ষক সকলো ফালৰ পৰা হেঁচা প্ৰয়োগ কৰে ৷
কিন্তু বৃহস্পতিবাৰে নলা খান্দি থকা অৱস্থাতে কাম বন্ধ কৰি দিয়ে কেইজনমান ব্যৱসায়ীৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰবিষয়াই । লগতে সেই খন্দা অংশ পূৰণ কৰিবলৈও ঠিকাদাৰ পক্ষক সকলো ফালৰ পৰা হেঁচা প্ৰয়োগ কৰে ৷
আনহাতে এই ঘটনাক কেন্দ্ৰকৰি আছুকে ধৰি মৰাণৰ বিভিন্ন দল সংগঠনে শুকুৰবাৰে প্ৰতিবাদমুখৰ হৈ পৰে ৷ অনতিপলমে যদি নলা-নৰ্দমা সমূহ পূৰ্বৰ দৰে কাম আৰম্ভ নকৰে তেন্তে সমগ্ৰ মৰাণ নগৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে মৰাণৰ বিভিন্ন দল সংগঠনে।
লগতে পঢ়ক : SI কেলেংকাৰীৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ বৰঝাৰ বিমানবন্দৰত