মৰাণ, 11 মে’ :অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদানৰ খবৰটো আছিল প্ৰতিগৰাকী আৰক্ষী বিষয়া, কনিষ্টবল আৰু অসমৰ ৰাইজৰ বাবে আনন্দদায়ক বতৰা ৷ মঙলবাৰে নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে অসম আৰক্ষীক প্ৰদান কৰিলে ৰাষ্ট্ৰপতিৰ নিচান(President's Colour Award to Assam police) ৷
ইয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণতো আৰক্ষী থানাসমূহত দেখিবলৈ পোৱা গৈছে উখল-মাখল পৰিৱেশ ৷ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাখনো এই পৰিপ্ৰেক্ষিতত নানা ৰঙীন লাইটেৰে পোহৰাই তোলা হয় ৷