অসম

assam

ETV Bharat / state

Power Lifting Championship : বিশ্ব শক্তি উত্তোলন প্ৰতিযোগিতালৈ নিৰ্বাচিত মৰাণৰ খেলুৱৈ - মৰাণৰ অনুৰণন গগৈ

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ । ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগিতাত পদক জয় মৰাণৰ অনুৰণন গগৈৰ (Assam boy won medal in Power Lifting Championship)। বিশ্ব শক্তি উত্তোলন প্ৰতিযোগিতালৈ নিৰ্বাচিত খেলুৱৈগৰাকী ।

Power lifting Championship
বিশ্ব শক্তি উত্তোলন প্ৰতিযোগিতালৈ নিৰ্বাচিত মৰাণৰ খেলুৱৈ

By

Published : Oct 15, 2022, 12:57 PM IST

মৰাণ,১৫ অক্টোবৰ :বৰ্তমান সময়ত ক্ৰীড়া ক্ষেত্ৰত অসমৰ সন্তানে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে । ৰাষ্ট্ৰীয় পৰ্যায়তে হওঁক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওঁক উজলিছে অসমৰ খেলুৱৈ । শেহতীয়াকৈ অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছ সকলোতে অসমৰ খেলুৱৈয়ে পদক জয়েৰে ৰাজ্যৰ নাম উজলাবলৈ সক্ষম হৈছে (Success of Assam players)। যাৰ বাবে ৰাজ্যখনত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ যথেষ্ট বৃদ্ধি পাইছে । অভিভাৱকসকলেও নিজৰ সন্তানক বিভিন্ন ক্ৰীড়াৰ প্ৰশিক্ষণ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে । চৰকাৰেও ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে (Assam Govt initiative for player)।

ইয়াৰ মাজতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আন এক সুখবৰ । ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসমৰ খেলুৱৈ । ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগিতাত এইবাৰ পদক জয় কৰিবলৈ সক্ষম হ'ল মৰাণৰ অনুৰণন গগৈ ।

বিশ্ব শক্তি উত্তোলন প্ৰতিযোগিতালৈ নিৰ্বাচিত মৰাণৰ খেলুৱৈ

জম্মুত শেহতীয়াকৈ ইণ্ডিয়ান পাৱাৰ লিফিটিং এচ'চিয়েশ্যনৰ অধীনত অনুষ্ঠিত হৈছিল নেশ্যনেল পাৱাৰ লিফিটিং প্ৰতিযোগিতা (National Power Lifting Championship)। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈ মৰাণৰ অনুৰণন গগৈয়ে ৭৪ কেজি অনুৰ্দ্ধৰ শাখাত সোণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় (Assam boy won medal in Power Lifting Championship)। এই প্ৰতিযোগিতাত পদক লাভৰ জৰিয়তে চলিত বৰ্ষৰ ডিচেম্বৰত আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া ৱ'ৰ্ল্ড চেম্পিয়নচিপতো অংশ ল'বলৈ সুযোগ লাভ কৰিছে খেলুৱৈগৰাকীয়ে ।

এই খবৰে মৰাণৰ ৰাইজৰ লগতে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীক উৎফুল্লিত কৰিছে । মৰাণৰ শান্তিপুৰৰ কল্যাণ গগৈ আৰু লিপিকা গগৈৰ অতি মেধা সম্পন্ন পুত্ৰ অনুৰণন গগৈ বৰ্তমান নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ।

কেৱল এটা বছৰ শক্তি উত্তোলনৰ প্ৰশিক্ষণ লৈয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা অনুৰণনে আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া ৱ'ৰ্ল্ড চেম্পিয়নচিপত ভাল ফলাফল দেখুৱাব বুলিও আশাবাদী অনুৰণনৰ পিতৃ-মাতৃৰ লগতে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী । বিভিন্ন দল-সংগঠনে খেলুৱৈগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিছে । জিলাখনৰ সকলো ক্ৰীড়াপ্ৰেমী আশাবাদী যে খেলুৱৈগৰাকীয়ে ভৱিষ্যতে জিলাখনৰ লগতে ৰাজ্য আৰু দেশৰ নামত বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত উজলিল পপী আৰু ডিম্পী

ABOUT THE AUTHOR

...view details