অসম

assam

ETV Bharat / state

লেজাইৰ সৌৰভ দাসৰ আদ্যশ্ৰাদ্ধ সম্পন্ন

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে আয়োজন কৰা এই আদ্যশ্ৰাদ্ধ স্থলীত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈকে ধৰি কেইবাটাও দল,সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ।

By

Published : Jul 13, 2020, 7:42 PM IST

লেজাইৰ সৌৰভ দাসৰ আদ্যশ্ৰাদ্ধ সম্পন্ন
লেজাইৰ সৌৰভ দাসৰ আদ্যশ্ৰাদ্ধ সম্পন্ন

মৰাণ, ১৩ জুলাইঃ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ লেজাইৰ দেৱানবাৰী গাঁ‌ৱৰ দিলীপ দাসৰ কণিষ্ঠ পুত্ৰ তথা উদীয়মান যুৱক সৌৰভ দাসৰ আদ্যশ্ৰাদ্ধ আজি শোকাকুল পৰিৱেশৰ মাজত নিজ গৃহত সম্পন্ন হৈ যায় । অঁকাল মৃত্যুক সাৱটি লোৱা সৌৰভৰ বিদেহী আত্মাই যাতে সদ্গতি লাভ কৰে তাৰ উদ্দেশ্যে ৰাইজ আৰু পৰিয়ালৰ লোকে একত্ৰিত ভাৱে আয়োজন কৰা এই আদ্যশ্ৰাদ্ধ স্থলীত অঞ্চলটোৰ প্ৰায় চাৰি শতাধিক লোক উপস্থিত থাকে ।

আদ্যশ্ৰাদ্ধ স্থলীত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে আয়োজন কৰা এই আদ্যশ্ৰাদ্ধ স্থলীত মৰাণ সমষ্টিৰ বিধায়কচক্ৰধৰ গগৈকে ধৰি কেইবাটাও দল,সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ।

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে আয়োজন কৰে আদ্যশ্ৰাদ্ধ

উল্লেখ্য যে যোৱা ১৯ জুন তাৰিখে ওচৰৰে লেজাই দলংঘাটৰ প্ৰেমিকাৰ ঘৰলৈ গৈ ৰহস্যজনক ভাৱে মৃত্যুক সাৱটি ল'ব লগা হৈছিল সৌৰভে । তেওঁৰ মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত চেঁ‌চা নদীত এচ ডি আৰ এফে উদ্ধাৰ কৰিছিল । ইয়াৰ পিছত সৌৰভক হত্যা কৰি নদীত পেলাই দিয়াৰ অভিযোগ তুলি স্থানীয় ৰাইজে লেজাই অঞ্চলত এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি কৰিছিল । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা আৰু ১৪৪ ধাৰাও জাৰি কৰিব লগা হৈছিল । পিছৰ পৰ্যায়ত আৰক্ষীয়ে প্ৰেমিকা,পিতৃ,মাতৃ,বৰদেউতাক আৰু এজনক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে চাওকঃ প্ৰসংগ বানঃ সোণোৱাল-মহন্তৰ ঘোষণাক ফুটুকাৰ ফেন আখ্যা কংগ্ৰেছৰ


Body:ঐConclusion:ঐ

ABOUT THE AUTHOR

...view details