মৰাণ, ২২ মে': সম্পূৰ্ণ ক'ভিড প্ৰট’কলৰ মাজেৰে শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হয় পঞ্চদশ অসম বিধানসভাৰ অধিৱেশন । অধিৱেশনৰ প্ৰথম দিনটোতেই মৰাণ সমষ্টিবাসীলৈ আহিল এক ভাল খবৰ । মৰাণৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছতে বিধায়িনী দলৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰে । বিধায়কগৰাকীয়ে এক সন্মানীয় দায়িত্ব লাভ কৰাৰ পাছতে মৰাণৰ দলীয় কৰ্মীসকলৰ মাজত আনন্দ-উল্লাস দেখিবলৈ পোৱা গৈছে ।
বিধায়িনী দলৰ কোষাধ্যক্ষৰ দায়িত্ব লাভ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ - পঞ্চদশ অসম বিধানসভাৰ অধিৱেশন
মৰাণ সমষ্টিবাসীলৈ সুখবৰ । পঞ্চদশ অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোতেই মৰাণ সমষ্টিবাসীয়ে লাভ কৰিলে এক সুখবৰ । বিধায়িনী দলৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব লাভ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ।
বিধায়িনী দলৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব লাভ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ
উল্লেখ্য যে, বিধায়ক চক্ৰধৰ গগৈয়ে দ্বিতীয়বাৰলৈ বিধায়ক হোৱাৰ পাছতে নতুন মন্ত্ৰী সভাত স্থান লাভ কৰিব বুলি মৰাণ দলীয় কৰ্মীৰ লগতে সমষ্টিৰ ৰাইজে আশা কৰিছিল । কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি চক্ৰধৰ গগৈ জিকিলে মন্ত্ৰীত্বৰ পদ দিয়া হ'ব বুলি ঘোষণা কৰিছিল ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকা আগবঢ়ালে মাজুলীৰ যুৱকে