মৰাণ, ২৯ এপ্ৰিল: মাজত মাথোঁ দুটা দিন । উৎকণ্ঠাৰ অন্ত নাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা প্ৰাৰ্থীৰ লগতে দলৰ নেতা-কৰ্মীৰ । ক'ভিড-১৯ প্ৰট'কল মানি চলি অহা ২ মে'ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া । সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দলৰ কৰ্মকৰ্তাসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে । বাদ পৰি ৰোৱা নাই ডিব্ৰুগড়ৰ মৰাণ সমষ্টি । অৱশ্যে, এইবাৰৰ নিবাৰ্চনৰ প্ৰেক্ষাপটে মৰাণ সমষ্টিৰ পৰৱৰ্তী বিধায়ক কোন হ'ব সেয়া সহজে বুজিব পৰাৰ সুযোগ দিয়া নাই ।
মৰাণৰ বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈ এইবাৰ তীব্ৰ প্ৰত্যাহ্বান সন্মুখীন হৈছে । কাৰণ, মৰাণ সমষ্টিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগে লগে বিজেপিৰ ভোটৰ অংকত খেলিমেলিৰ সৃষ্টি হৈছে । মৰাণ সমষ্টিত ৰাইজৰ দলৰ মোহিনী মোহন লিগিৰা আৰু অসম জাতীয় পৰিষদৰ সঞ্জীৱ চাংমায়ে যদি কিছু সংখ্যক ভোটো লাভ কৰে তেন্তে, কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ জয়ী হোৱাৰ সম্ভাৱনা বেছি বুলি সমষ্টিৰ সচেতন ৰাইজৰ মাজত চৰ্চা চলিছে ।
কিয়নো, ২০১৬ৰ নিবাৰ্চনত কংগ্ৰেছৰ স্থিতি যথেষ্ট পুতৌজনক হোৱাৰ সময়তো মৰাণত বিজেপিয়ে প্ৰায় ১৬৩৩২টা ভোটত জয় লাভ কৰিছিল । সেই সময়ত জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী নাছিল । কিন্তু এইবাৰ নিবাৰ্চনী পৰিৱেশ যথেষ্ট সুকীয়া । নিৰ্দলীয় প্ৰাৰ্থী ৰাফেল কুজুৰেও চাহ বাগিচা অঞ্চলৰ নিৰ্বাচনী সমীকৰণত কিছু প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে ।