অসম

assam

By

Published : Sep 7, 2021, 3:50 PM IST

ETV Bharat / state

কৃষকৰ সুবিধাৰ্থে নতুন যন্ত্ৰ উদ্ভাৱন কৰিলে মৰাণৰ এজন যুৱকে

অসমৰ কৃষকৰ বাবে সুখবৰ । ডিব্ৰুগড় জিলাৰ এজন যুৱক নিৰ্মাণ কৰিছে এবিধ বিশেষ যন্ত্ৰ । লখিমী নামৰ যন্ত্ৰটোৰ দাম কম আৰু ই মিতব্যয়ী । পিছে লখিমী যন্ত্ৰটোৰে কি কৰিব পাৰি ?

Thresher machine
কৃষকৰ সুবিধাৰ্থে নতুন যন্ত্ৰ উদ্ভাৱন কৰিলে মৰাণৰ এজন যুৱকে

মৰাণ,৭ ছেপ্তেম্বৰ :গৰু বা ম'হেৰে মৰণা মৰা পদ্ধতি এতিয়া ইতিহাস হ'ল । বৰ্তমান সময়ত কৃষকে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে কৃষিকৰ্ম কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু আধুনিক কৃষি সঁজুলি সমূহ ব্যয় বহুল হোৱাৰ বাবে বহু দৰিদ্ৰ কৃষকে আধুনিক পদ্ধতিৰে কৃষিকৰ্ম কৰাত ব্যৰ্থ হৈছে ।

ফলত বহু দৰিদ্ৰ কৃষক কৃষিৰ প্ৰতিযোগিতা মূলক বজাৰ খনত পিছপৰি ৰ'ব লগা হৈছে । কৃষকৰ এনে দুৰৱস্থাৰ সময়তে ৰাজ্যৰ কৃষকৰ বাবে এক সুখবৰ । মৰাণৰ সমীপৰ থাওৰা নিতাইপুখুৰী মৌজাৰ নাওঁজান গাৱঁৰ এজন যুৱকে কৃষকৰ সুবিধাৰ্থে নিৰ্মাণ কৰিছে এবিধ বিশেষ যন্ত্ৰ ।

যুৱ উদ্ভাৱক সৰুজ চেতিয়াই প্ৰায় ডেৰ বছৰজোৰা অক্লান্ত পৰিশ্ৰম আৰু অধ্যৱসায়ৰ অন্তত সাজি উলিয়াইছে এটি ক্ষুদ্ৰ মৰণা মৰা যন্ত্ৰ ৷ যন্ত্ৰটোৰ নাম দিয়া হৈছে 'লখিমী' । সম্পূৰ্ণ ঘৰুৱা বিদ্যুৎ সংযোগত চলাব পৰা লখিমী মৰণা মৰা যন্ত্ৰটোৰে ঘন্টাত প্ৰায় ৪-৫ কুইণ্টল ধানৰ মৰণা মাৰিব পৰা যাব ।

কৃষকৰ সুবিধাৰ্থে নতুন যন্ত্ৰ উদ্ভাৱন কৰিলে মৰাণৰ এজন যুৱকে

ইয়াৰ বাবে ঘণ্টাত মাত্ৰ পোন্ধৰ টকা খৰছ হ'ব বুলি জানিবলৈ দিয়ে উদ্ভাৱক সুৰুজ চেতিয়াই ৷ তদুপৰি ই প্ৰদূষণমুক্ত । আনহাতে যন্ত্ৰটোৰ বজাৰ মূল্য এক লাখ দহ হাজাৰ টকা বুলি জানিবলৈ দিয়ে উদ্ভাৱক সৰুজ চেতিয়াই ।

বৰ্তমান সময়ত বজাৰত এনে ধৰণৰ বহু যন্ত্ৰ পোৱা যায় । কিন্তু অসমৰ যুৱকে নিৰ্মাণ কৰা এই যন্ত্ৰটোৱে সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে । যিহেতু বাকী যন্ত্ৰবোৰতকৈ লখিমীৰ দাম কিছু কম হোৱাৰ লগতে ইয়াৰ দ্বাৰা কম খৰছতে মৰণা মাৰিব পাৰি । সেয়ে অসমৰ কৃষকসকলৰ বাবে ই অতি লাভজনক হ'ব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক :জল জীৱন মিছন : ৰঙিয়াত শুভাৰম্ভ পানী যোগান আঁচনি

ABOUT THE AUTHOR

...view details