মৰাণ,13 নৱেম্বৰ : পোন প্ৰথমবাৰৰ বাবে শুকুৰবাৰে মৰাণ বিধানসভা সমষ্টিৰ চেপনৰ খেৰবাৰী বিজুলী শ্ৰমিকসকললৈ সৌভাগ্য আঁচনিৰ অধীনত বিজুলী যোগান ধৰে শক্তি বিভাগে ৷ ফিটা কাটি বিদ্যুৎ যোগানৰ শুভাৰম্ভ কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।
ডিব্ৰুগড় আৰু মৰাণৰ বিদ্যুৎ বিভাগৰ বিষয়াসকল উপস্থিত থকা এই অনুষ্ঠানত চেপন পঞ্চায়তৰ সভাপতি দীপক তাঁতী, জিলা পৰিষদৰ জোষ্ণা কৈৰী, ৱাৰ্ড সদস্যা সোনমণি তাঁতীৰ লগতে শ্ৰমিক লাইনৰ ৰাইজ উপস্থিত থাকে ।
মৰাণৰ বিজুলী শ্ৰমিকসকলে পালে বিদ্যুতৰ সুবিধা উল্লেখ্য যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বহু গ্ৰাম্যাঞ্চলৰ লগতে চাহ বাগিচা এলেকাত আজিও নাই বিদ্যুৎ । চৰকাৰৰ কোনো এখন অভিলাষী আঁচনিয়েই সেই অঞ্চলসমূহৰ ৰাইজক বিদ্যুতৰ পোহৰ দিব পৰা নাই ৷ প্ৰতিবাদৰ পাচত প্ৰতিবাদ কৰাৰ পাচতো গা লৰা নাই জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ ৷
মৰাণৰ বিজুলী শ্ৰমিকসকলে পালে বিদ্যুতৰ সুবিধা শুকুৰবাৰে চেপনৰ খেৰবাৰী এই বিজুলী শ্ৰমিকসকললৈ নিৰ্বাচনৰ পূৰ্বে আৰু পোন প্ৰথমবাৰৰ বাবে শক্তি বিভাগে যোগান ধৰা বিদ্যুতৰ আঁৰত নিৰ্বাচনৰ ৰহস্য জড়িত হৈ আছে নেকি, তাক লৈহে এতিয়া সন্দেহ ৷
লগতে পঢ়ক :নগাঁৱত চৰকাৰী কৰ ফাঁকিৰে চলিছে নেকি আতচবাজীৰ ব্যৱসায়?