মৰাণ,20 ডিচেম্বৰ: তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰাণত অনুষ্ঠিত হ'ব টাই আহোম যুৱ পৰিষদ অসমৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন তথা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ৷ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত, মৰাণ মহকুমা সমিতিৰ লগতে বিভিন্ন জিলা আৰু মহকুমা সমিতিৰ উদ্যোগত আৰু মৰাণৰ ৰাইজৰ সহযোগত এই পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হ'ব ৷ মৰাণৰ তিলৈনগৰত গ্ৰাম্য বজাৰত 26, 27 আৰু 28 ডিচেম্বৰত এই অধিৱেশন অনুষ্ঠিত হ'ব ।
টাইপাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনলৈ সাজু হৈছে মৰাণ - মৰাণত টাইপাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি
মৰাণত তৰিৎ গতিত চলিছে টাইপাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি ৷ 26, 27 আৰু 28 ডিচেম্বৰত মৰাণৰ তিলৈনগৰ গ্ৰাম্য বজাৰত অনুষ্ঠিত হ'ব অধিৱেশন ৷ অধিৱেশনৰ সামৰণি উপলক্ষে অনুষ্ঠিত মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ সম্ভাৱনা ৷

টাইপাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনলৈ সাজু হৈছে মৰাণ
মৰাণৰ তিলৈনগৰত গ্ৰাম্য বজাৰত এই অধিৱেশন অনুষ্ঠিত হ'ব
অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি সূৰ্য বৰগোঁহাইয়ে জানিবলৈ দিয়ে যে 28 ডিচেম্বৰত অধিৱেশনৰ সামৰণি মুকলি সভালৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিমন্ত্ৰণ জনোৱা হৈছে ৷ এই অধিৱেশনতে টাইপাৰ এখন পুৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ অধিবেশন থলীত গ্ৰন্থ মেলা, জনগোষ্ঠীয় খাদ্য মেলা, প্ৰদৰ্শনীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ৷
লগতে পঢ়ক:আগন্তুক নিৰ্বাচনত শিৱসাগৰ সমষ্টিত আঞ্চলিক দলৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব অখিল গগৈ