মৰাণ,29 ছেপ্টেম্বৰঃ যোৱানিশা মৰাণৰ দিৰৈ ৰাঙলীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ নিশা প্ৰায় ১ বজাত মৰাণহাট থানাৰ অন্তগৰ্ত ৰাঙলী তিনিআলিত সংঘটিত হয় উক্ত অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণৰূপে ভষ্ম হয় এটা চৰকাৰী ডাকঘৰ ,এখন ৱেলডিং দোকান আৰু এখন চাইকেল- বাইক মেৰামতী কৰা দোকান ৷ ডাকঘৰৰ সকলো নথি পত্ৰ জ্বলি ছাই হৈ যোৱাৰ লগতে দোকান দুখনৰো যথেষ্ঠ ক্ষতিসাধন হয় ৷
জৰাজীৰ্ণ পথ গতিকে পলমকৈ উপস্থিত অগ্নি নিৰ্বাপক বাহিনী, জুইত যাহ গ'ল সম্পত্তি ! - মৰাণহাট থানা
যোৱানিশা মৰাণৰ দিৰৈ ৰাঙলীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ নিশা প্ৰায় ১ বজাত মৰাণহাট থানাৰ অন্তগৰ্ত ৰাঙলী তিনিআলিত সংঘটিত হয় উক্ত অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণৰূপে ভষ্ম হয় এটা চৰকাৰী ডাকঘৰ ,এখন ৱেলডিং দোকান আৰু এখন চাইকেল- বাইক মেৰামতী কৰা দোকান ৷ ডাকঘৰৰ সকলো নথি পত্ৰ জ্বলি ছাই হৈ যোৱাৰ লগতে দোকান দুখনৰো বহুত ক্ষতি হয়

মৰাণৰ দিৰৈ ৰাঙলীত ভয়ংকৰ অগ্নিকাণ্ড
মৰাণৰ দিৰৈ ৰাঙলীত ভয়ংকৰ অগ্নিকাণ্ড
ৱেলডিং দোকান খনত হোৱা শ্বৰ্ট চাৰ্কিতৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ ১৪ খন গাওঁৰ একমাত্ৰ শাখা ডাকঘৰত থকা নথি প্ৰত্ৰ সমূহ সম্পূৰ্ণকৈ জুইত ভস্মীভূত হয় ৷ উক্ত ঘটনাত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ ৫ লক্ষাধিক হ'ব বুলি জনাইছে স্থানীয় ৰাইজে ৷
অগ্নিকাণ্ডটোৰ পাছতে মৰাণ তিলৈৰ অগ্নি নিৰ্বাপন বাহিনীক খবৰ দিয়া হৈছিল যদিও পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই সময়মতে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনী ৷