অসম

assam

ETV Bharat / state

ক'ভিড পৰিস্থিতিক লৈ ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক - বৈঠক

ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত ক'ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেইবাটাও গুৰুত্বমূলক সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ক'ভিড পৰিস্থিতিক লৈ স্বাস্থ্য বিভাগৰ সৈতে ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক
ক'ভিড পৰিস্থিতিক লৈ স্বাস্থ্য বিভাগৰ সৈতে ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক

By

Published : May 3, 2021, 9:42 PM IST

মৰাণ,3 মে':ডিব্ৰুগড়ত ক'ভিড পৰিস্থিতি বৰ্তমানেও অনিয়ন্ত্ৰিত হৈ আছে । সোমবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক, আইচিএমআৰৰ বিষয়া, জিলা স্বাস্থ্য বিভাগৰ চিকিৎসক, বিষয়াৰ লগতে বহুকেইখন ব্যক্তিগত চিকিৎসালয়ৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠকখন । বৈঠকত উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়াসকলক জিলাখনত যিসমূহ অঞ্চলত ক'ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে, সেই অঞ্চলসমূহত অধিক ক'ভিড পৰীক্ষণকাৰী দল নিয়োগ কৰাৰ লগতে চক্ৰ বিষয়াসকলৰ সহযোগত হোম আইছ'লেচনত থকা ৰোগীসকলে ক'ভিড প্ৰট’কল সূচাৰুৰূপে পালন কৰাৰ ওপৰত লক্ষ্য ৰাখিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে ।

ক'ভিড পৰিস্থিতিক লৈ স্বাস্থ্য বিভাগৰ সৈতে ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক

ইয়াৰ উপৰিও যি সমূহ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ক'ভিড আক্ৰান্ত ৰোগীসকলক চিকিৎসা প্ৰদান কৰি আছে , তাত বিচনাৰ সংখ্যা বৃদ্ধি কৰিবলৈও চিকিৎসকসকলক আহ্বান জনায় উপায়ুক্ত গৰাকীয়ে ৷

ক'ভিড পৰিস্থিতিক লৈ স্বাস্থ্য বিভাগৰ সৈতে ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক

উক্ত সভাত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে ক'ভিড সংক্ৰমিত ৰোগীসকলক ভালদৰে চিকিৎসা সেৱা আগবঢ়াই থাকিবলৈ চিকিৎসকসকলক নিৰ্দেশ দিয়ে ৷ লগতে জনসাধাৰণক মাস্ক পৰিধান কৰি সজাগ-সচেতন হোৱাৰ লগতে ক'ভিড প্ৰটকলসমূহ পালন কৰিবলৈ আহ্বান জনায় । আজিৰ এই বৈঠকত অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোহাঁই উপস্থিত থাকে ।

অন্য এক খবৰৰ বাবে: ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে দিগন্ত কলিতাই

ABOUT THE AUTHOR

...view details