মৰাণ ,7 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত শুকুৰবাৰৰ দিনটোতে ৭৮ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱা গৈছে । ইয়াৰে ৬ জন লোক চৰাদেউ জিলাৰ আৰু ৫ জন টিংখাং নাহৰণি ব্লকৰ নিবাসী ।
খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত বৰ্তমানলৈকে মুঠ ৬৪০ গৰাকীলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা । ইফালে, চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত আজি ৭ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ।