মৰাণ, ৭ মে': সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো কৰ'ণা মহামাৰীয়ে প্ৰতিদিনে প্ৰাণ লৈছে এজনৰ পিছত আনজন লোকৰ । মৰাণত ক'ভিড-১৯ত আক্ৰান্ত হৈ শুকুৰবাৰে পুনৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে ।
কৰ'ণাত আক্ৰান্ত হৈ মৰাণৰ হোস্নাআৰা বেগমৰ মৃত্যু - হোস্নাআৰা বেগম
ক'ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী হোস্নাআৰা বেগমে । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল । শুকুৰবাৰে পুৱতি নিশা ৩.৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
কৰ'ণাত আক্ৰান্ত হৈ মৰাণৰ হোস্নাআৰা বেগমৰ মৃত্যু
অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰিঞ্চ আহমেদৰ পত্নী তথা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী হোস্নাআৰা বেগমে শুকুৰবাৰে পুৱতি নিশা ৩.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ।
তেওঁৰ ঘৰ মৰাণৰ উষাপুৰত । হোস্নাআৰা বেগমৰ মৃত্যুৰ ঘটনাই এতিয়া মৰাণত শোকৰ ছাঁ পেলাইছে । আনহাতে, বৰ্তমানলৈকে মহামাৰীৰ কবলত পৰি মৰাণৰ ৭ জন লোকে প্ৰাণ হেৰুৱাইছে ।
লগতে পঢ়ক:আহোমৰ দুই বিধায়কক কেবিনেট মন্ত্ৰী প্ৰদানৰ দাবী টাইপাৰ