মৰাণ,23 ডিচেম্বৰ: বিগত ২৮ বছৰে চৰকাৰৰ সু-দৃষ্টি নপৰা মৰাণ সমষ্টিৰ চেচুঘাটৰ বুঢ়ীদিহিং নদীৰ ওপৰত অৱশেষত নিৰ্মান হ’ব দলং ৷ জনপ্ৰতিনিধিৰ অমনযোগিতাৰ বাবে ৰাইজে সিদ্ধান্ত ল'লে দলং নিৰ্মাণৰ । ১৯৬২ চনৰ পৰা চেচুঘাট আৰু লেজাই-কলাখোৱা সংযোগী বুঢ়ীদিঙৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে চেচুঘাট পকীদলং বাইপাছ সমিতিয়ে দাবী জনাই আহিছিল ৷ কিন্তু আজি পৰ্যন্ত কোনো এখন চৰকাৰে এই দাবীৰ প্ৰতি সহাঁৰি জনোৱা নাই ।
বুঢ়ীদিহিঙৰ ওপৰত দলং নিৰ্মাণৰ বাবে ৰাইজে স্থাপন কৰিলে লাইখুঁটা - Moran burhidihing bridge
মৰাণ সমষ্টিৰ চেচুঘাটৰ বুঢ়ীদিহিং নদীৰ ওপৰত অৱশেষত নিৰ্মান হ’ব দলং ৷ আছুক উদ্যোক্তা হিচাপে লৈ বুধবাৰে বুঢ়িদিহিং নদীত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে দলঙৰ লাইখুঁটা স্থাপন কৰে স্থানীয় ৰাইজে ৷
![বুঢ়ীদিহিঙৰ ওপৰত দলং নিৰ্মাণৰ বাবে ৰাইজে স্থাপন কৰিলে লাইখুঁটা A_Moran_Moran_burhidihing_bridge_foundation_stone_put_by_villagers_img_As10031](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9979847-thumbnail-3x2-m.jpg)
শেহতীয়াকৈ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে তেওঁৰ কাৰ্যকালৰ আৰম্ভণিতে এই দলঙখন নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতিও সময়ত ফুটুকাৰ ফেনত পৰিণত হয় । বিধায়কজনৰ সদিচ্ছাৰ অভাৱৰ বাবেই দলং নিৰ্মাণৰ নথি-পত্ৰৰ কাম আগ নবঢ়াৰ অভিযোগ স্থানীয় ৰাইজৰ । আনহাতে, এখন দলঙৰ অভাৱত চেচুঘাট, শিলপুটা, লেজাই-কলাখোৱাকে ধৰি প্ৰায় ৮০ খন গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত একমাত্ৰ টুলুঙা নাওৰ ওপৰতে ভৰসা কৰিব লগা হয় । উপায়ন্তৰ ৰাইজে অৱশেষত আছুক উদ্যোক্তা হিচাপে লৈ বুধবাৰে বুঢ়িদিহিং নদীত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অৱলম্বন কৰি দলঙৰ লাইখুঁটা স্থাপন কৰে । বাঁহেৰে নিৰ্মাণ কৰিবলৈ লোৱা এই দলঙখনক লৈ ৰাইজ আশাবাদী যে এই দলঙখনে যাতায়তৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা সমাধান কৰিব ।