ডিব্ৰুগড়,11ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চাহ বাগানৰ শ্ৰমিক সকলৰ বাবে আৱাসিক কলনী নিৰ্মাণৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । ইতিমধ্যে লেঙেৰীজান চাহ বাগানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পূৰ্ণ গতিত চলিছে চাহ বাগানৰ শ্ৰমিক সকলৰ আৱাসিক গৃহৰ নিৰ্মাণ কাৰ্যৰ কাম ।
লেঙেৰীজান চাহ বাগানৰ নিৰ্মীয়মান গৃহ পৰিদৰ্শন ৰাজীৱ থাপাৰ
লেঙেৰীজান চাহ বাগানত নিৰ্মাণ হোৱা শ্ৰমিক সকলৰ গৃহ সমূহ পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই ৷ পৰিদৰ্শন কালত তেওঁৰ সৈতে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী আৰু জয়পুৰৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে ৷
বুধবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া ৰাজহ চক্ৰৰ জয়পুৰ উন্নয়ন খণ্ডৰ অধীনৰ লেঙেৰীজান চাহ বাগানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মীয়মান অৱস্থাত থকা আৱাসিক কলনীটো ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত তেওঁৰ সৈতে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী আৰু জয়পুৰৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে ৷ উল্লেখ্য যে এই আদৰ্শ আৱাসিক কলনীৰ অধীনত মুঠ ২৭ টা পিএমএওৱাইৰ অধীনত বাসগৃহৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷
অন্য এক খবৰৰ বাবে: ষ্ট্ৰ’বেৰী খেতি হ’ব পাৰে স্বাৱলম্বনৰ পথ