অসম

assam

ETV Bharat / state

মৰাণত অবৈধ সুৰাৰ বিৰুদ্ধে সৰৱ মৰাণ আঞ্চলিক ছাত্ৰ সন্থা - thursday_moran

সুৰাৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবী জনাইছে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই । বৃহস্পতিবাৰে মাহমৰা চক্ৰ বিষয়াৰ যোগেদি চৰাইদেউ জিলা উপায়ুক্তলৈ এই দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে । লগতে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি ডিব্ৰুগড় জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

মৰাণত অবৈধ সুৰাৰ বিৰুদ্ধে সৰৱ সদৌ অসম ছাত্ৰ সন্থা
মৰাণত অবৈধ সুৰাৰ বিৰুদ্ধে সৰৱ সদৌ অসম ছাত্ৰ সন্থা

By

Published : Dec 3, 2020, 10:25 PM IST

মৰাণ, ৩ ডিচেম্বৰ: মৰাণ নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত গঢ় লৈ উঠা দেশী-বিদেশী সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মৰাণ আঞ্চলিক ছাত্ৰ সন্থা । আজি ছাত্ৰ সংগঠনটোৱে সুৰাৰ অবৈধ ঘাটি উচ্ছেদ কৰাৰ দাবীত মাহমৰা চক্ৰ বিষয়া আৰু মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি ক্ৰমে চৰাইদেউ জিলা আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্তলৈ পৃথকে পৃথকে একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

মৰাণত অবৈধ সুৰাৰ বিৰুদ্ধে সৰৱ সদৌ অসম ছাত্ৰ সন্থা

আছুৰ মৰাণ আঞ্চলিকৰ সভাপতি জিতু গগৈ আৰু সাধাৰণ সম্পাদক ভাস্কৰ বৰুৱাৰ স্বাক্ষৰিত এই দাবী পত্ৰৰ জৰিয়তে সংগঠনটোৱে অভিযোগ তুলিছে যে, এই অবৈধ ব্যৱসায় তথা সামগ্ৰীসমূহৰ অবাধ প্ৰচলনৰ আঁ‌ৰত আবকাৰী বিভাগৰ বিষয়া জড়িত হৈ আছে ।

মৰাণত অবৈধ সুৰাৰ বিৰুদ্ধে সৰৱ সদৌ অসম ছাত্ৰ সন্থা

লগতে এই অসামাজিক কাৰ্যকলাপসমূহ বন্ধ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘ দিনৰ ধৰি দাবী জনাই আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই বুলিও অভিযোগ তুলিছে ।

সেয়ে, বিভাগীয় বিষয়াৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ এই পত্ৰৰ জৰিয়তে বৃহস্পতিবাৰে দুয়োখন জিলাৰ উপায়ুক্তক আহ্বান জনাইছে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে চুকাফা দিৱস

ABOUT THE AUTHOR

...view details