অসম

assam

ETV Bharat / state

মৰাণত মৰেল পুলিচৰ আক্ৰমণত আহত যুৱক - মৰাণ চহৰৰ মাজমজিয়া

সুবিধা পালেই একাংশ মানুহ হিংস্ৰ হৈ পৰে, মানুহ এজনক মাৰি পেলাবলৈ কুণ্ঠাবোধ নকৰে, তাৰে প্ৰমাণ হ'ল বুধবাৰে মৰাণত । মৰাণ চহৰৰ মাজমজিয়াত চাইকেল চুৰ কৰাৰ সন্দেহত একাংশ লোকে এজন যুৱকক খুঁটাত বান্ধি মাৰপিট কৰে ।

মৰাণত মৰেল পুলিচৰ আক্ৰমণত আহত যুৱক
মৰাণত মৰেল পুলিচৰ আক্ৰমণত আহত যুৱক

By

Published : Apr 28, 2021, 9:58 PM IST

মৰাণ,28 এপ্ৰিল: ৰাজ্যৰ বন কৰা যুৱতীক নিৰ্যাতন চলাই জ্বলাই হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নযাওতেই মৰাণত সংঘটিত হৈছে মৰেল পুলিচৰ এক ঘটনা । সুবিধা পালেই একাংশ মানুহ হিংস্ৰ হৈ পৰে, মানুহ এজনক মাৰি পেলাবলৈ কুণ্ঠাবোধ নকৰে, পুনৰ এবাৰ তাৰে প্ৰমাণ হ'ল বুধবাৰে মৰাণত। মৰাণ চহৰৰ মাজমজিয়াত চাইকেল চুৰ কৰাৰ সন্দেহত একাংশ লোকে এজন যুৱকক খুঁটাত বান্ধি মাৰপিট কৰে ।

মৰাণত মৰেল পুলিচৰ আক্ৰমণত আহত যুৱক

তাৰ পিছতে ঘটনাস্থলিত উপস্থিত সাংবাদিকে আৰক্ষীক খবৰ দিয়াত যুৱকজনক মৰাণ আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ আহে । উল্লেখযোগ্য যে, প্ৰকৃততে যুৱকজনে চুৰ কৰিছিল নে নাই, সেই কথা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷ কিন্তু একাংশ লোকে ৰাজহুৱা ভাৱে এজন যুৱকক খুঁটাত বান্ধি এনেদৰে মাৰপিট কৰা কাৰ্যক সম্প্ৰতি মৰাণৰ সচেতন ৰাইজে গৰিহণা দিয়া দেখা গৈছে ।


লগতে পঢ়কঃ চিৰাঙত হাস্পতালৰ পৰা ৪ গৰাকী ক'ভিড ৰোগীৰ পলায়ন

ABOUT THE AUTHOR

...view details