মৰাণ, 16 মে’ :নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে সংগঠনটোত যোগদান কৰা দুজন যুৱকক চোৰাংচোৱাগিৰিৰ অভিযোগত মৃত্যুদণ্ডৰে দ্বন্দিত কৰাৰ (ULFA I killed alleged spy in camp) সময়তো ৰাজ্যত অব্যাহত আছে এচাম যুৱক-যুৱতীৰ আলফা গমন । অসমৰ অন্যান্য জিলাৰ আন একাংশৰ দৰেই ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অধীনৰ বেজপথাৰ গাঁৱৰ ৰোহিণী গগৈ নামৰ লোকজনো আলফালৈ ধাৱমান হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ।
উল্লেখ্য যে, গাঁওখনৰ বিষেশ্বৰ গগৈ আৰু অনু গগৈৰ দ্বিতীয় পুত্ৰ ৰোহিণী গগৈ শুকুৰবাৰৰ পুৱাৰে পৰা নিৰুদ্দিষ্ট হৈ আছে । ৰোহিণীয়ে দুগৰাকী এমা-দিমা কন্যা সন্তান আৰু পত্নীক এৰি আলফালৈ গমন কৰা বুলি বাতৰি বিয়পি পৰাৰ লগে লগে ঘৰখনত এক শোকস্তব্ধ আৰু নিস্তব্ধতাৰ পৰিবেশৰ সৃষ্টি হৈছে। স্বামীৰ অবৰ্তমানত দুই কন্যা সন্তানক বুকুত বান্ধি চকুলো টুকিছে পত্নী প্ৰণিতাই ।
পত্নী সহ দুই কন্যাক এৰি আলফা স্বাধীনলৈ গ’ল নেকি মৰাণৰ ৰোহিণী গগৈ ? আলফালৈ গমন কৰা ৰোহিণী গগৈৰ পত্নীৰ লগতে এতিয়া ৫ বছৰীয়া কন্যায়ো আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক দেউতাকক ঘৰলৈ ঘূৰাই পঠাবলৈ কাতৰ অনুৰোধ জনাইছে । আনকি, ৰোহিণীৰ বৃদ্ধ পিতৃ-মাতৃও এই ঘটনাৰ পিছত মৌন আৰু শোকাৰ্ত হৈ পৰিছে । এই খবৰ বিয়পি পৰাৰ লগে লগে গগৈৰ ঘৰলৈ সোঁত বৈছে গাওঁবাসীৰ । মন কৰিব লগীয়া যে, শেহতীয়াকৈ পুনৰ আলফা(স্বা)মুখী হৈছে নতুন প্ৰজন্ম (Youths from Assam joining ULFA I) ৷ প্ৰায় প্ৰত্যেক দিনাই ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে যোগদান কৰিছে আলফা(স্বা)ত ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ যুৱক-যুৱতীৰ আলফা(স্বা) গমন সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে, এতিয়া আলফা(স্বা)লৈ বেছি সংখ্যক যুৱক-যুৱতীয়ে একো আদৰ্শ লৈ যোৱা নাই ৷ পূৰ্বৰ আলফা গমনৰ ঘটনা এতিয়াৰ সৈতে তুলনা নহয় ৷ দায়িত্বৰ পৰা আঁতৰিহে দুই একক বাদ দি সৰহ সংখ্যক যুৱ-প্ৰজন্মই এই পদক্ষেপ হাতত লৈছে বুলিও তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে ড৹ শৰ্মাই (CM Himanta on youth joining ULFA I) ৷
লগতে পঢ়ক :ডিমা হাছাওত আৱদ্ধ ৰে’ল যাত্ৰীক হেলিকপ্টাৰেৰে উদ্ধাৰ