ডিব্ৰুগড়,17 মাৰ্চ: বুধবাৰে ডিব্ৰুগড় জিলাৰ লাহোৱালত আৰক্ষীয়ে জব্দ কৰে ১ লাখ ২৫ হাজাৰ টকা ৷ লাহোৱাল আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় এই টকাখিনি ৷
লাহোৱালত ১ লাখ ২৫ হাজাৰ টকা জব্দ - লাহোৱালত আৰক্ষী
ডিব্ৰুগড় জিলাৰ লাহোৱালত আৰক্ষীয়ে বুধবাৰে জব্দ কৰে ১ লাখ ২৫ হাজাৰ টকা ৷ লাহোৱাল আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় এই টকাখিনি ৷
বুধবাৰে লাহোৱালত ১ লাখ ২৫ হাজাৰ টকা জব্দ
লাহোৱাল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ নেতৃত্বত চলোৱা নিয়মীয়া তালাচীৰ সময়ত বৰ্তমানলৈ মুঠ ৫ লাখ ৫ হাজাৰ টকা নগদ ধন জব্দ কৰা হৈছে ৷ ইফালে, জব্দ কৃত ধনসমূহ জিলা প্ৰশাসনে গঠন কৰি দিয়া ফ্লায়িং স্কোৱাড, ভিডিঅ’ চাৰ্ভিলেঞ্চ, ষ্টেটিক চাৰ্ভিলেঞ্চ দলক গতাই দিছে বুলি জানিবলৈ লাহোৱাল আৰক্ষীয়ে ৷ উল্লেখ্য যে, মঙলবাৰৰ দিনটোত ৩ লাখ ৮০ হাজাৰ টকা লাহোৱালত জব্দ হোৱাৰ বিপৰীতে ডিব্ৰুগড়ত ২ লাখ ৮৫ হাজাৰ জব্দ কৰা হয় ৷