মৰাণ,10মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ তাৰ মাজতে বুধবাৰে ৰাইজৰ দলৰ মৰাণ সমষ্টিৰ প্ৰাৰ্থী মোহিনী মোহন লিগিৰাই সাংবাদিকৰ আগত কয়, বহু বিজেপি কৰ্মীয়ে নিৰ্বাচনত চিপৰাং মাৰিব ৷ ইতিমধ্যে প্ৰাৰ্থীজনৰ সৈতে বহু বিজেপি কৰ্মীয়ে যোগাযোগ কৰিছে ৷ গতিকে নিৰ্বাচনত সকলো ধৰণৰ সহায় আৰু সহযোগিতাৰো ইংগিত পাইছে প্ৰাৰ্থী গৰাকীয়ে ৷
বহু বিজেপি কৰ্মীয়ে নিৰ্বাচনত চিপৰাং মাৰিব: মোহিনী মোহন লিগিৰা - ৰাইজৰ দল
ৰাইজৰ দলৰ মৰাণ সমষ্টিৰ প্ৰাৰ্থী মোহিনী মোহন লিগিৰাই সাংবাদিকৰ আগত কয়, বহু বিজেপি কৰ্মীয়ে নিৰ্বাচনত চিপৰাং মাৰিব ৷ ইতিমধ্যে প্ৰাৰ্থীজনৰ সৈতে বহু বিজেপি কৰ্মীয়ে যোগাযোগ কৰিছে ৷ গতিকে নিৰ্বাচনত সকলো ধৰণৰ সহায় আৰু সহযোগিতাৰো ইংগিত পাইছে প্ৰাৰ্থী গৰাকীয়ে ৷
বহু বিজেপি কৰ্মীয়ে নিৰ্বাচনত চিপৰাং মাৰিব: মোহিনী মোহন লিগিৰা
লগতে মোহিনী মোহন লিগিৰাই স্পষ্ট ভাৱে কয়, বৰ্তমানেও মৰাণ সমষ্টিত টিকট কেন্দ্ৰিক সংঘাট মাৰ যোৱা নাই ৷ বহু বিজেপি কৰ্মী ক্ষোভিত হৈছে দলীয় শীৰ্ষ নেতাৰ সিদ্ধান্তত ৷ যাৰ পৰিপ্ৰেক্ষিতত বিজেপিত বিভাজন সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
লগতে পঢ়ক:উজনিত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই: মন্ত্ৰী পীয়ুষ হাজৰিকা