মৰাণ, 10 ছেপ্টেম্বৰ :সততে সামাজিক মাধ্যম অথবা বিভিন্ন আলোচনা বিলোচনাত অসমীয়া যুৱ প্ৰজন্মৰ বিৰুদ্ধে কৰ্ম বিমুখতাৰ অভিযোগ উত্থাপিত হয় ৷ কিন্তু সম্প্ৰতি যেন খাটি খোৱা মানুহৰ দুখ দুৰ্দশাৰ অন্ত নোহোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এফালে আংশিক লকডাউনৰ অৰ্থনৈতিক মাধমাৰ আনফালে অপৰাধীৰ দপ-দপনিত এতিয়া ৰাজ্যৰ খাটিখোৱা লোকে পৰিত্ৰাণ নোপোৱা পৰিস্থিতিৰ মুখামুখি হৈছে ৷ একেই পৰিস্থিতিৰ সমুখীন হৈছে মৰাণৰ লাকীব আহমেদ নামৰ যুৱকজন ৷
মাহেকীয়া কৃষ্টিত লোৱা অটোৰিক্সাখনৰে লাকীবে পৰিয়ালৰ দায়িত্ব পালন কৰি আহিছিল ৷ কিন্তু, শেহতীয়াকৈ এক অনাহুত পৰিস্থিতিৰ সমুখীন হ’ল যুৱকজন ৷ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙলীত মঙলবাৰে এটা উদণ্ড যুৱকৰ দলৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় লাকীব আহমেদ নামৰ এজন অট' চালক । জানিব পৰা ঘটনা অনুসৰি, বৃহস্পতিবাৰে তেজপুৰৰ পৰা মৰাণলৈ যোৱা ৰাজীৱ বৰা নামৰ লোকজনে সোণাৰীৰ ভজো ষ্টেচনৰ পৰা লাকীব আহমেদ (৩৫)ৰ AS 33 C 0435 নম্বৰৰ অট'খন ৰাঙলীলৈ ভাড়ালৈ লয় ৷
ৰাঙলীলৈ গৈ থকা অৱস্থাত সন্ধিয়া প্ৰায় ৭ মান বজাত ৰাঙলী থান পথাৰৰ থানৰ সন্মুখত উদণ্ড এটা দলে অট' চালকজনৰ লগতে ভাড়া লৈ অহা তেজপুৰৰ ৰাজীৱ বৰা নামৰ লোকজনকো প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লাকীব ।