মৰাণ, 3 জুলাই :ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ লগত মিত্ৰতা কৰি ক্ৰমাৎ নতুন উদ্যমেৰে আগবাঢ়িছে অসম গণ পৰিষদ দল (AGP) । বিগত বিধানসভা নিবাৰ্চন (Assam Assembly Election 2021)ত দলটোৱে বিজেপিৰ হকে মিত্ৰতাৰে যুঁজ দি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ পাছতে দলটোৱে দলীয় ভেঁটী শক্তিশালী কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে । দলটোৰ কেন্দ্ৰীয় নেতৃত্বই দলটোৰ সহযোগী সংগঠনসমূহক সক্ৰিয় কৰি তুলিবলৈ তৎপৰ হৈছে । সেয়েহে অসম গণ পৰিষদ দলে (Asom Gana Parishad) অসম চাহ পৰিষদটো শক্তিশালী কৰি তুলিবলৈ অসম চাহ পৰিষদৰ তত্বাৱধায়কৰ দায়িত্ব দিয়া হৈছে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা (MLA Punakan Baruah)ক ।
অসম চাহ পৰিষদৰ নতুন তত্বাৱধায়ক হিচাপে নিযুক্তি পোনাকণ বৰুৱা - চাবুৱাৰ বিধায়ক
অসম গণ পৰিষদৰ সভাপতি অতুল বৰা (AGP Pesident Atul Bora)ই এক পত্ৰ প্ৰেৰণ কৰি আনুষ্ঠানিকভাৱে বিধায়ক পোনাকণ বৰুৱাক (MLA Punakan Baruah) এই দায়িত্ব অৰ্পণ কৰে ।
অসম চাহ পৰিষদৰ নতুন তত্বাৱধায়ক হিচাপে নিযুক্তি পোনাকণ বৰুৱা
অসম গণ পৰিষদৰ সভাপতি অতুল বৰা (AGP Pesident Atul Bora)ই এক পত্ৰ প্ৰেৰণ কৰি আনুষ্ঠানিকভাৱে বিধায়ক পোনাকণ বৰুৱাক (MLA Punakan Baruah) এই দায়িত্ব অৰ্পণ কৰে । উল্লেখ্য যে, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা (MLA Punakan Baruah)ই ইয়াৰ পূৰ্বেই দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছিল ।