অসম

assam

By

Published : Jun 26, 2022, 10:57 PM IST

ETV Bharat / state

দধীয়াৰ বন্যাৰ্তক ত্ৰিপাল বিতৰণ কৰিলে বিধায়ক পোনাকণ বৰুৱাই

বানপানীৰ মাজত থকা চাবুৱাৰ দধীয়াৰ ৰাইজে দুমাহৰ পিছত দেখিছে মাটি ৷ গাঁৱে গাঁৱে গৈ 927 টা পৰিয়ালক ত্ৰিপাল বিতৰণ কৰে বিধায়ক পোনাকণ বৰুৱাই (MLA Punakan Baruah distributed tripal at Dadhia) ৷

Flood at Dadhia
দধীয়াৰ বন্যাৰ্তক ত্ৰিপাল বিতৰণ কৰে বিধায়ক পোনাকণ বৰুৱাই

মৰাণ, 26 জুন :বিগত দুটা মাহেই বানপানীৰ মাজত থাকি মাটি দেখি নোপোৱা দধীয়াৰ ৰাইজে অৱশেষত দেখা পালে ঘৰৰ তলৰ মাটি (Flood at Dadhiya) । পানী শুকোৱাৰ লগে লগেই অঞ্চলটোৰ প্ৰতিটো পৰিয়ালক একোখনকৈ ত্ৰিপাল দি সহায় কৰিবলৈ দধীয়াত উপস্থিত হয় চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা (MLA Punakan Baruah distributed tripal at Dadhia)।

বানপানীৰ সময়তো ৰাইজৰ খবৰ লোৱাৰ লগতে টুলুঙা নাৱত উঠি বিধায়কগৰাকীয়ে বান বিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি (MLA Punakan Baruah at Dadhia) ৰাইজক চৰকাৰৰ প্ৰতিটো সুবিধা প্ৰদান কৰাৰ আশ্বাস দিয়ে বিধায়কগৰাকীয়ে । প্ৰায় 927 টা পৰিয়ালক ত্ৰিপাল প্ৰদান কৰে বিধায়কগৰাকীয়ে ।

দধীয়াৰ বন্যাৰ্তক ত্ৰিপাল বিতৰণ কৰে বিধায়ক পোনাকণ বৰুৱাই

আনহাতে, পুনৰ সংস্থাপনৰ দাবীৰে বছৰ বছৰ ধৰি প্ৰতিবাদ অব্যাহত ৰখা ভূমিপুত্ৰসকলক চৰকাৰে লক্ষীমপুৰৰ আদাখনাত পুনৰ সংস্থাপন দিয়াৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু ৰাইজে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰাত চৰকাৰে পুনৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মাটি বিচাৰি আছে ৷

সেয়ে তেওঁলোকক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অতি সোনকালে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলিও বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । লগতে পানী শুকোৱাৰ পাচত হ'বলগীয়া সাম্ভাব্য বেমাৰৰ পৰা ৰাইজক সকাহ দিবলৈ স্বাস্থ্য বিভাগৰ দলে অঞ্চলটোৰ গাঁৱে গাঁৱে ৰাইজক চিকিৎসা সেৱা আগবঢ়াই আছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

বানে ধোৱা দধীয়া

বিধায়কৰ লগত এই কাৰ্যসূচীত চাবুৱা ৰাজহ চক্ৰ বিষয়া শিল্পীশিখা ঠাকুৰীয়া, স্বাস্থ্য বিভাগৰ বহুমুখী স্বাস্থ্যকৰ্মী মনোজ কুমাৰ সিং উপস্থিত থাকে । আনহাতে প্ৰশাসনৰ বিষয়াসকলৰ লগতে বন্যাৰ্তয়ো বিধায়কগৰাকীৰ এই পদক্ষেপক শলাগ লোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :‘‘আপোনাৰ কথাতে ভোট দিছিলোঁ; আমাক ৰক্ষা কৰক’’ : আব্দুল খালেকক কাকূতি বন্যাৰ্তৰ

ABOUT THE AUTHOR

...view details