অসম

assam

ETV Bharat / state

ডিব্ৰুগড় দেশৰ ভিতৰতে ভাল এডুকেশ্ব'নেল হাব্ হ’ব: প্ৰশান্ত ফুকন - Salt Brook Academy

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে চাৰিটাকৈ স্থান দখল কৰিলে ডিব্ৰুগড়ৰ চাৰিগৰাকীকৈ ছাত্ৰীয়ে । কৃতী ছাত্ৰীকেইগৰাকীক সম্বৰ্ধনা জনাই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কয় যে, ডিব্ৰুগড়ত এতিয়া এক সুন্দৰ শৈক্ষিক পৰিৱেশৰ সৃষ্টি হৈছে । শৈক্ষিক ক্ষেত্ৰৰ এখন আগশাৰীৰ চহৰত হৈ পৰিছে ডিব্ৰুগড় ।

HS result 2022
ডিব্ৰুগড় দেশৰ ভিতৰতে ভাল ইডুকেশ্বনেল হাব্ হ’ব : বিধায়ক প্ৰশান্ত ফুকন

By

Published : Jun 27, 2022, 9:25 PM IST

মৰাণ, 27 জুন: সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে চাৰিটাকৈ স্থান দখল কৰিলে ডিব্ৰুগড়ৰ চাৰিগৰাকীকৈ ছাত্ৰীয়ে (HS result 2022)। ইয়াৰ ভিতৰত ৰাজ্যৰ ভিতৰতে বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰিলে ডিব্ৰুগড় চল্ট ব্ৰুক একাডেমীৰ(Salt Brook Academy) কৃতী ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই আৰু একেই শিক্ষানুষ্ঠানৰে আইমন চোহেইবে বিজ্ঞান শাখাত পঞ্চম স্থান লাভ কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনে ৷

ডিব্ৰুগড় দেশৰ ভিতৰতে ভাল ইডুকেশ্বনেল হাব্ হ’ব : বিধায়ক প্ৰশান্ত ফুকন

আনহাতে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত ড৹ ৰাধাকৃষ্ণণ স্কুল অব্ আৰ্টছ, কমাৰ্চ এণ্ড চায়েঞ্চৰ(Radhakrishnan School Dibrugarh) ছাত্ৰী অভিলাষা দত্তই বিজ্ঞান শাখাত ষষ্ঠ স্থান আৰু অন্তৰিক্ষা মজুমদাৰে দশম স্থান লাভ কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনে ।

ছাত্ৰীসকলৰ এই সফলতাৰ পাছতে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত ড৹ ৰাধাকৃষ্ণণ স্কুল অব্ আৰ্টছ, কমাৰ্চ এণ্ড চাইঞ্চ শিক্ষানুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন উপস্থিত হৈ স্থান দখল কৰা ছাত্ৰীসকলক সম্বৰ্ধনা জনায় ৷ সংবাদ মাধ্যমৰ সন্মুখত বিধায়কগৰাকীয়ে কয়, এতিয়া ডিব্ৰুগড়ত এক সুন্দৰ শৈক্ষিক পৰিৱেশৰ সৃষ্টি হৈছে । শৈক্ষিক ক্ষেত্ৰৰ এখন আগশাৰীৰ চহৰত হৈ পৰিছে ডিব্ৰুগড় ।

ছাত্ৰ- ছাত্ৰীক শৈক্ষিক ক্ষেত্ৰত আগুৱাই নিবলৈ ডিব্ৰুগড়ৰ প্ৰতিখন বিদ্যালয় আৰু অভিভাৱকৰ প্ৰতি আহ্বান জনায় ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে (MLA Prasanta Phukan)।

লগতে পঢ়ক:চৰকাৰী শিক্ষানুষ্ঠানতকৈ বেচৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল ভাল হ'বই: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details