অসম

assam

By

Published : Aug 23, 2020, 4:49 PM IST

ETV Bharat / state

বাঘ আৰু সিংহৰ যুঁজত মাংস খাব শিয়ালেঃ বিধায়ক প্ৰশান্ত ফুকন

কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাত অধিক লাভৱান হ'ব বিজেপি ৷ এই মন্তব্য ডিব্ৰুগড়ৰ শাসকীয় দলৰ বিধায়ক প্ৰশান্ত ফুকনৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলক লৈয়ো মন্তব্য বিধায়কগৰাকীৰ ৷

MLA Prasanta Phukan Recation On KMSS Political Party
বাঘ আৰু সিংহৰ যুঁজত মাংস খাব শিয়ালেঃ বিধায়ক প্ৰশান্ত ফুকন

ডিব্ৰুগড়, 23 আগষ্ট : কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাত অধিক লাভৱান হ'ব বিজেপি ৷ লগতে, আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিয়ে উজনি অসমৰ গৰিষ্ঠসংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ'ব ৷ আনকি, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তিতাবৰ সমষ্টিও বিজেপিয়ে দখল কৰিব ৷ এই মন্তব্য ডিব্ৰুগড়ৰ শাসকীয় দলৰ বিধায়ক প্ৰশান্ত ফুকনৰ ৷

ইফালে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দলক লৈয়ো মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উজনি অসমত কিছু আসন দখল কৰাৰ লগতে নামনি অসমৰ সংখ্যালঘু অঞ্চলত আসন লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিয়ে বিজেপি দলক সহায় কৰিব বুলিও বিধায়কগৰাকীয়ে মন্তব্য প্ৰদান কৰে ৷

কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাত অধিক লাভৱান হ'ব বিজেপি

লগতে পঢ়ক :2020 ৰ শেষত প্ৰস্তুত হৈ উঠিব ভাৰতৰ কোভিড ভেকচিনঃ ডাঃ হৰ্ষবৰ্ধন

ABOUT THE AUTHOR

...view details