মৰাণ, ১১ নৱেম্বৰ: চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে পিছপৰা মৰাণ বিধানসভা সমষ্টি। বিশেষকৈ গ্ৰামাঞ্চল সমূহত উপযুক্ত সা-সুবিধাৰ অভাৱত চিকিৎসালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে সমষ্টিটোত। ডিব্ৰুগড় জিলাৰ খোৱাং হালধিবাৰী বৃহত্তৰ অঞ্চলটোত এটাই মাত্ৰ স্বাস্থ্য কেন্দ্ৰ আছে । এগৰাকী চিকিৎসকৰ দ্বাৰা পৰিচালিত হৈ আছে হালধিবাৰী বৰপথাৰত অৱস্থিত স্বাস্থ্য কেন্দ্ৰটো। স্বাস্থ্য কেন্দ্ৰটো উন্নয়ন কৰিবলৈ বহুবাৰ ৰাইজে আবেদন নিবেদন কৰাৰ পাছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জন প্ৰতিনিধিয়ে ।
খোৱাং হালধিবাৰী স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন বিধায়ক চক্ৰধৰ গগৈৰ - চক্ৰধৰ গগৈ বাতৰি
ডিব্ৰুগড় জিলাৰ খোৱাং হালধিবাৰী স্বাস্থ্যকেন্দ্রে পৰিদৰ্শন মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ। বিভাগীয় বিষয়াৰ সৈতে আলোচনা কৰি স্বাস্থ্য কেন্দ্ৰটোত সকলো সুবিধা উপলব্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ।

খোৱাং হালধিবাৰী স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন বিধায়ক চক্ৰধৰ গগৈৰ
মঙলবাৰে স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰথম বাৰলৈ পৰিস্থিতিৰ বুজ লয় মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । কেন্দ্ৰটোৰ পৰিচালনা সমিতিয়ে স্বাস্থ্য কেন্দ্ৰটোৰ সমস্যা সম্বন্ধে বিধায়ক গৰাকীক এক প্ৰতিবেদন প্ৰদান কৰে । বিভাগীয় বিষয়াৰ সৈতে বিষয়সমূহ আলোচনা কৰি স্বাস্থ্য কেন্দ্ৰটোত সকলো সুবিধা উপলব্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ।
লগতে পঢ়ক :চিৰাঙত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ সজীৱ গুলি