ডিব্ৰুগড়, 17 জানুৱাৰী :ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ কোটোহা ভগামূৰৰ দিহিং নদীৰ মথাউৰিৰ কাম আৰম্ভ কৰা হৈছে ৷ ৰাইজে দীৰ্ঘ দিনৰ পৰা প্ৰতিবাদ আৰু আবেদন-নিবেদন কৰাৰ পাছতেই সোণোৱাল চৰকাৰে কোটোহাৰ পৰা ভগামূৰলৈ থকা দিহিং নদীৰ পুৰণি মথাউৰিটো মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰায় ১২ কোটি টকা আৱণ্টনেৰে পুনৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে দিহিং নদীৰ মথাউৰিৰ কাম ৷
কোটোহাৰ পৰা ভগামূৰলৈ প্ৰায় চাৰি কিলোমিটাৰ মথাউৰিটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাছতেই মথাউৰিটো নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।