অসম

assam

ETV Bharat / state

ৰাইজক সাৱধান হোৱাৰ আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ

ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৰাইজক সাৱধান হোৱাৰ বাবে আহ্বান জনায় ৷

mla-chakradhar-gogoi-requested-everyone-to-follow-covid-protocol
ক'ভিড ভয়াৱহতাৰ বাবে সকলোকে সাৱধান হোৱাৰ আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ

By

Published : May 21, 2021, 7:27 PM IST

মৰাণ,21 মে’: ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বৃহত্তৰ মৰাণ অঞ্চলত ক'ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । ইতিমধ্যে 1,200 ৰো অধিক লোক ক'ভিডত আক্ৰান্ত হৈছে । এনে ভয়াৱহ পৰিস্থিতিত ৰাইজক সাৱধান হ'বলৈ আহ্বান জনাই মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।

আনহাতে, বিধায়ক গৰাকীক বিভিন্ন কামত সমষ্টিবাসীয়ে সাক্ষাৎ কৰিবলৈ আহে যদিও ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিধায়কৰ গৃহলৈ প্ৰৱেশ সীমিত কৰা হৈছে । এইক্ষেত্ৰত ৰাইজক ভুল নুবুজিবলৈ কোৱাৰ লগতে সকলোকে ক'ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে ।

ক'ভিড ভয়াৱহতাৰ বাবে সকলোকে সাৱধান হোৱাৰ আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ

উল্লেখ্য যে, বিধায়ক গগৈয়ে শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব যদিও সমষ্টিটোৰ অন্তৰ্গত কণ্টেইনমেণ্ট জ'নসমূহত থকা ৰাইজক সহায়ৰ বাবে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : আজিৰ পৰা বন্ধ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা

ABOUT THE AUTHOR

...view details