মৰাণ, 1 অক্টোবৰ : ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিঙ ঘাটোৱাৰ আৰু মৰাণ সমষ্টিৰ তিনিবাৰৰ বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ যুৱ কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰে পুনৰ বিজেপিত যোগদান কৰিব বুলি উলোৱা খবৰে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছিল । ইয়াৰ পূৰ্বেও কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি খবৰো উলাইছিল ৷ কিন্তু সেই কথা নস্যাৎ কৰি আহিছিল নেতাগৰাকীয়ে ।
পিছে এইবাৰ প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান প্ৰায় চূড়ান্ত হৈছে । দিল্লীত বাহৰ পাতি যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হৈছিল । 2021 ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ মৰাণ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই বিধায়ক চক্ৰধৰ গগৈৰ হাতত পৰাস্ত হোৱা প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনক লৈ উজনিৰ কেইবাজনো বিধায়কে মুকলি বিৰোধিতা কৰিছিল ।
বিশেষকৈ মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টি হেৰুওৱাৰ ভয়ত দলীয় নেতৃত্বৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীকো প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদান সম্পৰ্কত আলোচনাত মিলিত হৈছিল । উজনিৰ কেইবাজনো বিধায়ক লগতে দলীয় কৰ্মীসকলৰ এই বিৰোধিতাৰ পাচতেই প্ৰাঞ্জল ঘাটোৱাৰৰ লগতে বহু কেইজন কংগ্ৰেছ নেতাৰ যোগদান কাৰ্যসূচী ৰাজ্যিক বিজেপিয়ে স্থগিত ৰখা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব: মন্ত্রী অতুল বৰা