অসম

assam

ETV Bharat / state

মৰাণত শিপিনীক তাঁতশাল প্ৰদান বিধায়ক চক্ৰধৰ গগৈৰ - বিধায়ক চক্ৰধৰ গগৈ

মহিলা সৱলীকৰণৰ দিশত বিশেষ পদক্ষেপ লৈছে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ ফটিকাছোৱা গাওঁৰ 20 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিপিনীলৈ উৰনীয়া মাকোঁ যুক্ত তাঁতশাল বিতৰণ কৰে ৷

MLA Chakradhar Gogoi of Moran gave weaving goods to weaver
মৰাণত শিপিনীক তাঁতশাল প্ৰদান বিধায়ক চক্ৰধৰ গগৈৰ

By

Published : Oct 26, 2020, 11:46 AM IST

মৰাণ, 26 অক্টোবৰ :শাৰদীয় দুৰ্গোৎসৱৰ মাজতে মহিলা সৱলীকৰণৰ দিশত বিশেষ পদক্ষেপ লৈছে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে । বিধায়কজনে মৰাণৰ ফটিকাছোৱা গাওঁৰ 20 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিপিনী লৈ দেওবাৰে উৰনীয়া মাকোঁ যুক্ত তাঁতশাল বিতৰণ কৰে ৷

মৰাণত শিপিনীক তাঁতশাল প্ৰদান বিধায়ক চক্ৰধৰ গগৈৰ

তাঁতশাল বিতৰণ কৰি বিধায়কজনে কয়, শিপিনীসকলে আত্মনিৰ্ভৰশীলতাৰ বাটত আৰু এখোজ আগুৱাই যাব ৷ মহিলাসকল আত্মনিৰ্ভৰশীল হ'লেহে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ যি সপোন সেয়া পূৰণ হ'ব ৷

মৰাণত শিপিনীক তাঁতশাল প্ৰদান বিধায়ক চক্ৰধৰ গগৈৰ

মৰাণ বিধানসভা সমষ্টিৰ মৰাণ, খোৱাং আৰু লেজাইত তিনিটাকৈ চৰকাৰী বয়ন কেন্দ্ৰ আছে যদিও বিভাগৰ তৰফৰ পৰা বিশেষ গুৰুত্ব আৰোপ নকৰাত কেন্দ্ৰ কেইটাত কোনোধৰণৰ প্ৰশিক্ষণৰ নতুন ব্যৱস্থা হৈ উঠা নাই ।

মৰাণত শিপিনীক তাঁতশাল প্ৰদান বিধায়ক চক্ৰধৰ গগৈৰ

কেন্দ্ৰ কেইটাত কেৱল চৰকাৰী আঁচনি শুভাৰম্ভ কৰাহে পৰিলক্ষিত হৈছে । তাতঁশালৰ সকলো সঁজুলি থকাৰ পাছতো কেৱল চৰকাৰী বিভাগৰ অৱহেলাৰ বাবে বয়ন কেন্দ্ৰ কেইটা কাৰ্যক্ষম হৈ উঠা নাই ।

লগতে পঢ়ক:অসমত কোনো কাৰণতে মিঞা সংগ্ৰহালয় স্থাপন কৰা নহয় : হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details