অসম

assam

By

Published : Oct 25, 2020, 6:16 PM IST

ETV Bharat / state

APDCL বিষয়াৰ সতে বিধায়ক চক্ৰধৰ গগৈৰ গুৰুত্বপূৰ্ণ বৈঠক

বৈঠকত মৰাণ সমষ্টিৰ সকলো পঞ্চায়তৰ সভাপতি আৰু কাউন্সিলাৰ সকলৰ উপস্থিতিত মৰাণ সমষ্টিৰ এলেকাৰ বিদ্যুৎ সম্পৰ্কীয় সকলো সমস্যাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় ৷

MLA Chakradhar Gogoi has done a Special Meeting with APDCL officer
APDCL বিষয়াৰ সতে বিধায়ক চক্ৰধৰ গগৈৰ গুৰুত্বপূৰ্ণ বৈঠক

মৰাণ, 25 অক্টোবৰ:পূজাৰ ব্যস্ততাৰ মাজতে শনিবাৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়ববীয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ বৈঠকত মৰাণ সমষ্টিৰ সকলো পঞ্চায়তৰ সভাপতি আৰু কাউন্সিলাৰ সকলৰ উপস্থিতিত মৰাণ সমষ্টিৰ এলেকাৰ বিদ্যুৎ সম্পৰ্কীয় সকলো সমস্যাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় ৷ লগতে ডিব্ৰুগড় আৰু মৰাণ সংমণ্ডলৰ APDCL ৰ দুয়োগৰাকী বিষয়াক বিদ্যুতৰ সমস্যা সমূহ অৱগত কৰাৰ লগতে শীঘ্ৰে প্ৰতিখন পঞ্চায়ত এলেকাত থকা সমস্যাসমূহ জৰীপ কৰোৱাই এক আঁচনি প্ৰস্তুত কৰাৰ পৰামৰ্শ দিয়া হয় ৷ বিধায়কৰ উপস্থিতত APDCL ৰ দুয়োগৰাকী বিষয়াই মৰাণ সমষ্টিত বিদ্যুতৰ সমস্যা সমূহ অতি সোনকালে সমাধানৰ প্ৰতিশ্ৰুতি দিছে ৷

APDCL বিষয়াৰ সতে বিধায়ক চক্ৰধৰ গগৈৰ গুৰুত্বপূৰ্ণ বৈঠক

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ গৃহ জিলাখনৰ মৰাণ বিধানসভা সমষ্টিৰ বহু গাঁৱত আজিও নাই বিদ্যুৎ সংযোগ ৷ কাতি বিহুৰ দিনটোতে বিদ্যুতৰ পোহৰ বিচাৰি মৰাণৰ ধেমেচীত টিপ চাকি লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে ৷ প্ৰতিবাদকাৰী সকলে বিধায়ক চক্ৰধৰ গগৈৰ পুত্তলিকা জ্বলাই সাব্যস্ত কৰিছিল এই প্ৰতিবাদ ৷ এই বাতৰি ইটিভি ভাতৰিত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছতে দেখা পোৱা গৈছে এই তৎপৰতা ৷

লগতে পঢ়কঃচণ্ডিকা মন্দিৰৰ 108 ঘটৰ পূজা

ABOUT THE AUTHOR

...view details