মৰাণ, 2 ফেব্ৰুৱাৰী :23 জানুৱাৰীত অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ লগত প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমৰ বাবে আনিছিল বহু পেকেজ ৷ তাৰ ভিতৰত উল্লেখ্যযোগ্য অসমৰ ভূমিহীন খিলঞ্জীয়াক ভূমিপত্তা প্ৰদান ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ঘোষণা কৰাৰ পাছতেই অসমৰ বহু ভূমিহীন খিলঞ্জীয়াক ভূমিপত্তা প্ৰদান কৰা হয় ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো বিতৰণ কৰা হয় খিলঞ্জীয়া ভূমিহীনক ভূমিপত্তা ৷ সোমবাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত মৰাণ সমষ্টিৰ খিলঞ্জীয়া ভূমিহীন ব্যক্তিৰ মাজত ভূমি পট্টা বিতৰণ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ৷