মৰাণ,4 জুন: ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বহু অঞ্চলত বৰ্তমানেও অনিয়ন্ত্ৰিত হৈ আছে ক'ভিড পৰিস্থিতি ৷ অঞ্চলকেইটাত প্ৰতিদিনাই ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য ইতিমধ্যই স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে মৰাণ ৰাজহ চক্ৰৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত 2 নং লুকুমাই গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ৷ তথ্য অনুসৰি গাঁওখনত স্বাস্থ্য বিভাগৰ এটা দলে 47 জন লোকক ক'ভিড টেষ্ট কৰিছিল ৷ ইয়াৰে 39 জনৰ দেহত ক'ভিড পজিটিভ ধৰা পৰাৰ পিছত প্ৰশাসনে উক্ত গাঁওখনক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি গাঁৱৰ ঘাইপথটো বন্ধ কৰি দিয়ে ৷
কণ্টেইনমেণ্ট জ'নত বিধায়ক চক্ৰধৰ গগৈৰ খাদ্য সামগ্ৰী বিতৰণ - MLA chakradhar gogi distributed food
সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ বহুকেইটা অঞ্চলত বৰ্তমানেও অনিয়ন্ত্ৰিত হৈ আছে ক'ভিড পৰিস্থিতি ৷ ইতিমধ্যে জিলাখনৰ কেইবাখনো গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ৷ শুকৰবাৰে পুৱাই মৰাণৰ বহু কণ্টেইনমেণ্ট জ'নত খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ৷
ইয়াৰ পাছতে গাঁওখনৰ কণ্টেইনমেণ্ট জ'নত থকা পৰিয়াল সমূহক শুকুৰবাৰে চৰকাৰে প্ৰদান কৰা খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ উল্লেখ্য যে, চৰকাৰী খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে পঞ্চায়তৰ তৰফৰ পৰাও প্ৰায় 40 টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰা হৈছে ৷ মৰাণত ক'ভিড আক্ৰান্ত পৰিয়ালক যোগান ধৰা খাদ্য সামগ্ৰীত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছতে বিধায়কে জনে নিজেই খাদ্য সামগ্ৰী সমূহ পৰীক্ষা কৰি বিতৰণ কৰিছে ৷
লগতে পঢ়কঃধেমাজিত গ্ৰেপ্তাৰ NLFB ৰ দূৰ্ধষ কেডাৰ হৃদয় বসুমতাৰী