মৰাণ,1 জুলাই:ক’ভিড মহামাৰীয়ে বৰ্তমান জুৰুলা কৰিছে ৰাজ্যৰ চাৰিওদিশ ৷ খেতিয়কৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ী লৈকে সকলো বৰ্তমান সংকটত ৷ ৰাজ্যৰ বিধায়ক সকলে বিভিন্ন প্ৰান্তত কঠীয়া পৰা, ট্ৰেক্টৰ চলোৱা আদি কামৰ শুভাৰম্ভ কৰি কৃষক ৰাইজক উৎসাহী কৰা দেখিবলৈ পোৱা গৈছে ৷
বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ 117 নং লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই ডিব্ৰুগড়ৰ খনিকৰস্থিত মহাত্মা গান্ধী উদ্যানৰ সমীপৰ 8 হেক্টৰ ভূমিত কঠীয়া পৰা কাৰ্যসূচী হাতত লয়। ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়ৰ ৰহমৰীয়া, লেকাই, জঁকাই চেঁচা, বৰবিল, কানাই গাঁও আদি ঠাইসমূহত বছৰটোত দুই তিনিবাৰ হোৱা বানৰ ফলত কৃষিজীৱী লোকসকলৰ ধান ৰোপনৰ বাবে কঠীয়াৰ যথেষ্ট পৰিমানে নাটনি হোৱাত বিমোৰত পৰিবলগীয়া হয় স্থানীয় ৰাইজ ৷
কৃষকৰ ৰূপত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা এই ক্ষেত্ৰত এনে কাৰ্যসূচী লোকসকলৰ যথেষ্ট সহায়ক হ'ব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে । বৃহস্পতিবাৰে বিধায়কগৰাকীৰ লগতে জিলাৰ কৃষি বিষয়া তথা দলীয় কৰ্মী সকল উপস্থিত থাকে ।
কিছুদিন পূৰ্বে কৃষিমন্ত্ৰী অতুল বৰাৰ উদ্যোগতো এনে পদক্ষেপ দেখিবলৈ পোৱা গৈছিল বোকাখাতত ৷ কৃষকৰ বাবে ট্ৰেক্টৰ চলালে কৃষিমন্ত্ৰী অতুল বৰাই । সমষ্টিটোৰ বান বিধ্বস্ত কৃষকৰ বাবে 40হেক্টৰ ভূমিত উন্নত প্ৰজাতিৰ কঠীয়া সিঁচাৰ কামৰ শুভাৰম্ভ কৰিছিল বৰাই ৷ বোকাখাতৰ পাণবাৰীস্থিত কৃষি নিগমৰ 15 হেক্টৰ মাটিত হাল বাই কঠীয়া সিঁচিলে মন্ত্ৰী গৰাকীয়ে । বানৰ সময়ত উপায়ন্তৰ হৈ কৃষকক সকাহ দিবলৈ বাহাদুৰ আৰু ৰঞ্জিত চাবৰ এক সঁচৰ ধানৰ কঠীয়া সিঁচি সমষ্টিটোৰ কৃষকক সকাহ দিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক:মাজুলীত এগৰাকী দুৰ্ভগীয়া মাতৃৰ হিয়া ভগা কান্দোন