মৰাণ, ৮ জুলাই: সমগ্ৰ দেশ তথা ৰাজ্যত ক'ভিড-১৯(COVID-19) মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ বাবে শিশুৰ বিনামূলীয়া ৰোগ প্ৰতিৰোধী টীকাকৰণ প্ৰক্ৰিয়াও স্তব্ধ হৈ পৰিছিল । ফলত কণ কণ শিশুসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক প্ৰকাৰ ভাবুকি আহি পৰিছে । বিগত বৰ্ষৰ পৰাই শিশুসকলক ৰোগ প্ৰতিৰোধী প্ৰতিষেধক প্ৰদান কৰা হোৱা নাই । 'বৰ্ধিত মিছন ৰামধেনু-২০২১'(MISSION RAMDHENU)ৰ জৰিয়তে ৰোগ প্ৰতিৰোধী প্ৰতিষেধকসমূহ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে ।
ক'ভিড-১৯ৰ বাবে স্বাস্থ্য বিভাগৰ এই পৰিকল্পনা বাস্তৱায়িত কৰাত বাধাৰ সৃষ্টি হৈছিল যদিও বুধবাৰৰ পৰা টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । গৰ্ভৱতী মহিলা আৰু শিশুৰ সুৰক্ষা প্ৰদানৰ বাবে ডিব্ৰুগড়তো বৃহস্পতিবাৰে 'বৰ্ধিত মিছন ৰামধেনু-২০২১' শুভাৰম্ভণি কৰা হয় । ডিব্ৰুগড় জিলাৰ ৰাজ্যিক ঔষধালয়ৰ প্ৰাংগণত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপস্থিতিত 'বৰ্ধিত মিছন ৰামধেনু-২০২১' আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয় । মিছন ৰামধেনুৰ জৰিয়তে টীকাকৰণ কৰি গৰ্ভৱতী মহিলা আৰু শিশুৰ বিভিন্ন ৰোগ প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।