টিংখাং,১৮ ফেব্ৰুৱাৰী: এগৰাকী ২১ বছৰীয়া যুৱক সন্ধানহীন হোৱা ঘটনাই টিংখাঙত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত শলগুৰী টিপমীয়া গাঁৱত সংঘটিত হৈছে নিৰুদ্দেশৰ ঘটনা । জানিব পৰা মতে, যোৱা ১১ ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ পুৱাৰে পৰা সন্ধানহীন টংক গগৈ ওৰফে সৰু পিতি নামৰ যুৱকজন ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, উক্ত গাঁৱৰ যাদৱ গগৈ আৰু প্ৰীয়াসী গগৈৰ কণিষ্ঠ পুত্র বিশেষভাৱে সক্ষম টংক গগৈয়ে ১১ ফেব্ৰুৱাৰীত চাৰ্ট, লং পেণ্ট, জোতা পৰিধান কৰি ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু, হঠাৎ যুৱকজন এনেদৰে নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰাৰ লগতে অঞ্চলটোত এক উদ্বেগজনক পৰিৱেশৰ উদ্ভৱ হৈছে ।