মৰাণ,২২ এপ্ৰিল: মৰাণত বজাৰ কৰিবলৈ আহি নিৰুদ্দেশ হয় এগৰাকী ৪০ উৰ্দ্ধৰ মহিলা । মহিলাগৰাকী সৰুমা বড়া বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, যোৱা ২০ এপ্ৰিলত মৰাণৰ ৰাঙলিৰ থানপথাৰৰ সৰুমা বড়াই ১০ বজাত মৰাণ টাউনলৈ বজাৰ কৰিবলৈ বুলি ওলাই আহিছিল । ইয়াৰ পাছৰে পৰাই মহিলাগৰাকীৰ কোনো খবৰ নোহোৱা হৈ পৰে আৰু সম্প্ৰতি ম’বাইলটো বন্ধ হৈ আছে ।
মৰাণত মহিলা নিৰুদ্দেশ - ৰাণত বজাৰ কৰিবলৈ আহি নিৰুদ্দেশ হয় এগৰাকী ৪০ উৰ্দ্ধৰ মহিলা
মৰাণত বজাৰ কৰিবলৈ আহি নিৰুদ্দেশ হয় এগৰাকী ৪০ উৰ্দ্ধৰ মহিলা । মহিলাগৰাকী সৰুমা বড়া বুলি জানিব পৰা গৈছে ।
মৰাণত নিৰুদ্দেশ মহিলা
ইতিমধ্যে ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকে মৰাণহাট আৰক্ষীৰ থানাত এক এজাহাৰ দাখিল কৰিছে । কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক দেখা পালে পৰিয়ালৰ লোকে ৮০১১৬-৭৬৪১০ আৰু ৬০০১২-৭১৫২৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: কড়ি খেলেৰে সজীৱ হ’ল কলিয়াবৰ