অসম

assam

ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ দিনাই অপদস্থ হ'ল কৰ্তব্যৰত নাৰ্ছ ! - লাঞ্ছিত হ'ব লগা হৈছে এগৰাকী নাৰ্ছ

ডিব্ৰুগড় গ্ৰেহেমবজাৰ ৰাজ্যিক চিকিৎসালয়ৰ এগৰাকী নাৰ্চ আৰু এগৰাকী আশাকৰ্মীক আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ দিনাই অপদস্থ ৷ এজন লোকৰ ঘৰত বহিঃৰাজ্যৰ ব্যক্তিৰ উপস্থিতি সন্দৰ্ভত সোধ-পোচৰ বাবে যাওঁতে বেয়া ব্যৱহাৰ কৰি খেদি পঠোৱাৰ লগতে ৰাজ্যিক চিকিৎসালয়ত আহি পুনৰ অশালীন ব্যৱহাৰ কৰে চিকিৎসাকৰ্মী দুগৰাকীৰ লগতে চিকিৎসকক ।

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ দিনাই COVID-19 দ্বায়িত্বৰত নাৰ্ছক অপদস্থ, এজনক আটক
আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ দিনাই COVID-19 দ্বায়িত্বৰত নাৰ্ছক অপদস্থ, এজনক আটক

By

Published : May 13, 2020, 8:28 AM IST

ডিব্ৰুগড়, 13 মে': আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ দিনাই নিজৰ কৰ্তব্য কৰিবলৈ গৈ লাঞ্ছিত হ'ব লগা হৈছে এগৰাকী নাৰ্ছ । ডিব্ৰুগড়ত মহামাৰী COVID-19 সংক্ৰমণ প্ৰতিৰোধৰ দায়িত্বত থকা এগৰাকী নাৰ্ছৰ লগত সংঘটিত হয় এই ঘটনা ।

ডিব্ৰুগড় গ্ৰেহেমবজাৰ ৰাজ্যিক চিকিৎসালয়ৰ এ এন এম সোণলী হাতীবৰুৱাই আশা কৰ্মী দিপাঞ্জলী ৰজকৰ সতে এজন লোকৰ ঘৰত বহিঃৰাজ্যৰ ব্যক্তিৰ উপস্থিতি সন্দৰ্ভত সোধ-পোচৰ বাবে যাওঁতে বেয়া ব্যৱহাৰ কৰি খেদি পঠোৱাৰ লগতে ৰাজ্যিক চিকিৎসালয়ত আহি পুনৰ দুজন লোকে অশালীন ব্যৱহাৰ কৰে ।

উপায়ন্তৰ হৈ এ এন এম নাৰ্ছ আৰু আশা কৰ্মীয়ে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰে ‌। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮/২৯৪/৫০৬/৩৫৩ নং ধাৰা আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ৫১(ক) নং ধাৰা আৰু মহামাৰী ৰোগ (সংশোধনী) আইন,২০২০ ৰ ৩(২) নং ধাৰাৰ অধীনত ৭৫১ /২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি এজন অভিযুক্ত যুৱকক সোধ পোচৰ বাবে আটক কৰিছে ।

আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ দিনাই অপদস্থ হ'ল কৰ্তব্যৰত নাৰ্ছ !

গ্ৰেহেম বজাৰ নামৰ লোকজনৰ ঘৰত অৰুণাচলী লোক থকা বুলি স্থানীয় লোকে কৰা অভিযোগ ভিত্তিতে সোধপোচৰ বাবে যাওঁতে এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । আনকি ডিব্ৰুগড়ৰ ৰাজ্যিক চিকিৎসালয় পৰ্যন্ত লোক জনে আহি চিকিৎসা কৰ্মীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱসৰ দিনাই এগৰাকী নাৰ্ছসহ দুগৰাকী স্বাস্থ্য কৰ্মীক অপদস্থ তথা অশালীন ব্যৱহাৰ কৰা ঘটনাই ডিব্ৰুগড়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ABOUT THE AUTHOR

...view details