মৰাণ, 26 মে’ :পুনৰ পোহৰলৈ আহিছে সভ্য সমাজক লজ্জাজনক কৰা এক ঘটনা ৷ খুড়া-ভতিজাৰ সম্বন্ধত কালিমা সানিলে নিজ খুড়াকেই ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ভতিজাকক ধৰ্ষণৰ চেষ্টা খুড়াকৰ (attempt to Rape at Moran) ৷ কেৱল ভতিজাককেই নহয় বোৱাৰীয়েককো ধৰ্ষণৰ চেষ্টা কৰে অভিযুক্তটোৱে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং ৰঙাগড়াৰ 12 বছৰীয়া কিশোৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা অহাৰ পিছতেই নিজৰ খুড়াকেই ধৰ্ষণ কৰিবলৈ চেষ্টা চলায় । কিশোৰীগৰাকীয়ে কোনোমতে পলাই সৰাৰ পিছতেই অভিযুক্তটোৱে নিজৰ বোৱাৰীয়েককো ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে ৷ এই কথা ৰাজহুৱা হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷
ঘৰত কোনো নথকাৰ সুযোগ লৈ ভতিজাকক ধৰ্ষণৰ চেষ্টা খুড়াকৰ ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে উল্লেখ কৰা অনুসৰি, এবাৰেই নহয় অভিযুক্তটোৱে কেইবাবাৰো ঘৰৰ মহিলাৰ ওপৰত ধৰ্ষণৰ চেষ্টা কৰিছিল ৷ বাগানৰ কাম কৰা মহিলা ৰাস্তাৰে পাৰ হৈ গ’লেও অভিযুক্তটোৱে অশ্লীল ইংগিত দিয়ে ৷ উপায়ন্তৰ হৈ ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে মৰাণ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷
এই এজাহাৰৰ ভিত্তিতেই মৰাণ আৰক্ষীয়ে অভিযুক্তটোক নিজ গাঁৱৰ পৰাই আটক কৰে ৷ তথ্য অনুসৰি, বৃহস্পতিবাৰে No 59 / 22 , U/S 447 / 354 (B) / 294 IPC নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্তোটোক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক :Assam Police Firing: কোকৰাঝাৰত আৰক্ষীৰ গুলী আহত আফুৰুদ্দিন