টিংখাং,29 জুলাইঃশ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ বিৰুদ্ধে সৰৱ হ'ল অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ আজি টিংখাঙৰ ৰাজগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ কৰে ৷
টিংখাঙত মন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ - শ্ৰম মন্ত্ৰী
চাহ জনজাতিৰ শিক্ষিত ছাত্ৰ-ছাত্ৰী সকলৰ জলপানি প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ে ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে লগতে জলপানিৰ তালিকাত প্ৰকৃত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ ঠাইত বহুতো অনা চাহ জনগোষ্ঠীৰ নাম অন্তৰ্ভুক্ত হৈছে কিন্তু এইক্ষেত্ৰত অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা পালন কৰিছে ৷
![টিংখাঙত মন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ Minister Sanjoy Kishan's effigy burnt at Tingkhong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8216843-thumbnail-3x2-pic.jpg)
টিংখাঙত মন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ
টিংখাঙত মন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ
সংগঠনটোৰ অভিযোগ,চাহ জনজাতিৰ শিক্ষিত ছাত্ৰ-ছাত্ৰী সকলৰ জলপানি প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ে ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে লগতে জলপানিৰ তালিকাত প্ৰকৃত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ ঠাইত বহুতো অনা চাহ জনগোষ্ঠীৰ নাম অন্তৰ্ভুক্ত হৈছে কিন্তু এইক্ষেত্ৰত অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা পালন কৰিছে ৷ ইপিনে সংগঠনটোৱে মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগৰো দাবী কৰে ৷
লগতে পঢ়কঃ ভাৰতৰ ভূমিত ৰাফেল : আম্বালাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ