অসম

assam

ETV Bharat / state

সোণোৱাল আহিব বুলি গমেই নাপালে ৰামেশ্বৰ তেলীয়ে - Sarbananda Sonowal welcome by BJP worker

সৰ্বানন্দ সোণোৱালৰ অসম আগমণৰ কথা গমেই নাপায় বুলি জনালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । ‘‘বাহিৰৰ কিছু মানুহে বিজেপিত সংঘাত আৰম্ভ হোৱা বুলি কয় যদিও আমি সদায় একলগ হৈ আছো আৰু অসমত ২০ বছৰ আমি শাসন কৰিম’’ বুলি মন্তব্য কৰিলে সোণোৱালৰ অন্যতম সতীৰ্থ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Union minister Rameswar Teli)।

সৰ্বানন্দ সোণোৱালৰ অসম আগমণৰ কথা মই গমেই নাপালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে
সৰ্বানন্দ সোণোৱালৰ অসম আগমণৰ কথা মই গমেই নাপালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

By

Published : Sep 5, 2022, 10:35 PM IST

ডিব্ৰুগড়, 5 ছেপ্টম্বৰ: বিজেপিৰ সংসদীয় সমিতিত দায়িত্ব লাভ কৰাৰ পাছত দেওবাৰে অসমত উপস্থিত হৈছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal in Assam)। পিছে সৰ্বানন্দ সোণোৱালৰ অসম আগমণৰ সময়ত প্ৰায়সংখ্যক মন্ত্ৰী-বিধায়ক তেখেতক আদৰণি জনাবলৈ উপস্থিত নথকা বিষয়টোৱে লাভ কৰিছে সৰৱ চৰ্চা (Sarbananda Sonowal welcome by BJP worker) ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বিজেপিৰ নেতা-কৰ্মীয়েই আদৰণি নজনোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বানন্দ সোণোৱালৰে এগৰাকী অন্যতম সতীৰ্থ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Union minister Rameswar Teli)।

সোমবাৰে নাহৰকটীয়াত এক অনুষ্ঠানত ভাগ লৈ সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰামেশ্বৰ তেলীয়ে । সৰ্বানন্দ সোণোৱালৰ অসম আগমনৰ কথা গমেই নাপায় বুলি জনালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । বঙাইগাঁৱত অনুষ্ঠিত বিজেপিৰ মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ লগতে অন্য এক কাৰ্যসূচীত ব্যস্ত থকাৰ বাবেই হেনো গম পোৱা নাছিল সৰ্বানন্দ সোণোৱালৰ অসম আগমনৰ কথা । তেওঁ কয়, ‘‘বাহিৰৰ কিছু মানুহে বিজেপিত সংঘাত আৰম্ভ হোৱা বুলি কয় যদিও আমি সদায় একলগ হৈ আছো আৰু অসমত ২০ বছৰ আমি শাসন কৰিম’’ ৷

সৰ্বানন্দ সোণোৱালৰ অসম আগমণৰ কথা মই গমেই নাপালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

যি সময়ত সৰ্বানন্দ সোণোৱালৰ অসম আগমনৰ বাতৰি দুদিন পূৰ্বৰ পৰা সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈ আহিছিল ঠিক তেনে সময়তে গুৱাহাটীৰ পৰা মাত্ৰ কেই কিল’মিটাৰমান নিলগত থাকিয়েই সোণোৱাৱালৰ অসম আগমনৰ বিষয়ে জ্ঞাত নহয় বুলি কোৱা ৰামেশ্বৰ তেলীৰ এনে মন্তব্য স্বাভাৱিকতে অন্য এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এতিয়া প্ৰশ্ন হয় প্ৰকৃততে ৰামেশ্বৰ তেলীয়ে সৰ্বানন্দ সোণোৱালৰ অসম আগমনৰ কথা গমেই নাপায় নে আন কাৰোবাৰ ৰোষত পৰাৰ ভয়ত নজনাৰ ভাও জুৰিছে ?

লগতে পঢ়ক:সুৰ সলনি কৰি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা ৰাজেন গোহাঁইৰ

ABOUT THE AUTHOR

...view details