মৰাণ, 17 জানুৱাৰী :চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি সম্প্ৰদায়ৰ লোকলৈ ভূমি আৱন্টন দিয়াৰ সন্দৰ্ভত শনিবাৰে ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী এক বৈঠকত মিলিত হয় ৷ শনিবাৰে অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ত ডিব্ৰুগড় জিলাৰ সাতটা ৰাজহ চক্ৰৰ বিপৰীতে থকা ৰাজহ চক্ৰ পৰ্যায়ৰ ভূমি আৱন্টন সমিতিৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী বৈঠকত মিলিত হয় ৷
জানিব পৰা মতে উক্ত সভাত চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি সম্প্ৰদায়ৰ লোকলৈ ভূমি আৱন্টনৰ 868 টা প্ৰস্তাৱত অনুমোদন জনোৱা হয় ৷ এই 868 প্ৰস্তাৱৰ ভিতৰত ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ 194 টা, ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ 197টা, টিংখাং ৰাজহ চক্ৰৰ 59 টা, মৰাণ ৰাজহ চক্ৰৰ 12 টা, নাহৰকটীয়া ৰাজহ চক্ৰৰ 132টা, চাবুৱা ৰাজহ চক্ৰৰ 242 টা আৰু টেঙাখাট ৰাজহ চক্ৰৰ 32 টা প্ৰস্তাৱ আছে ৷