মৰাণ, 29 মে’ : মৰাণৰ খোৱাঙত ক'ভিড পৰিস্থিতি আজিও অনিয়ন্ত্ৰিত হৈ আছে । বিশেষকৈ চাহ বাগিচাৰ অঞ্চলত ক'ভিড ৰোগীৰ সংখ্যা ভয়ানকভাৱে বৃদ্ধি পাবলৈ ধৰিছে । শুকুৰবাৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন কৰে । ইয়াৰ লগতে বাগিচাখনৰ কৰ্তৃপক্ষই ইতিমধ্যে ক'ভিড সম্পৰ্কত গ্ৰহণ কৰা প্ৰস্তুতি দেখি সন্তোষ প্ৰকাশ কৰে মন্ত্ৰী জনে ।
খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন ৰামেশ্বৰ তেলীৰ - covid care centre
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ সহ খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন কৰে ৷
খোৱাং চাহ বাগিচাৰ ক'ভিড কেন্দ্ৰ পৰিদৰ্শন কৰে ৰামেশ্বৰ তেলীয়ে
উল্লেখ্য যে, ৰামেশ্বৰ তেলীৰ লগত ক'ভিড কেন্দ্ৰ পৰিদৰ্শনত সহযোগিতা কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ বাগিচাখনৰ পৰিচালক অপূৰ্ব চুতীয়া, ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদক শ্যামল ভূমিজ, ডিব্ৰুগড় জিলা যুৱমৰ্চাৰ সম্পাদক জিতুল গগৈয়ে ।