অসম

assam

ETV Bharat / state

বিহুৰ দিনা সলিল সমাধি ঘটা যুৱকৰ পৰিয়াললৈ সমবেদনা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - ৰঙালী বিহু

বিশ্বনাথৰ ঘিলাধাৰী নৈত গৰু বিহুৰ দিনা চতীয়া পুৰণি গাঁৱৰ ভাৰ্গৱ মন্ত্ৰী আৰু অকন্যা মন্ত্ৰী নামৰ দুই ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে ৷ একেদিনাই ডিব্ৰুগড়ৰ লেজাই বাঁহবাৰীৰ দিহিং নদীত গা ধুবলৈ গৈ মৃত্যুক আকোঁৱালি লয় শিৰোমণি বৰা আৰু চানু খনিকৰ নামৰ আন দুজন যুৱকে ৷

Minister Rameshwar Teli talking about the two youth who died in Burhidihing River
বিহুৰ দিনা সলিল সমাধি ঘটা যুৱকৰ পৰিয়াললৈ সমবেদনা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

By

Published : Apr 17, 2021, 1:39 PM IST

মৰাণ, 17 এপ্ৰিল : ৰঙালী বিহুৰ আনন্দৰ মাজতে গৰু বিহুৰ দিনা বিশ্বনাথৰ ঘিলাধাৰী নৈত আৰু ডিব্ৰুগড়ৰ লেজাই বাঁহবাৰীত কেইবাজনো যুৱক-যুৱতীৰ সলিল সমাধি ঘটা ঘটনাত শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ উল্লেখ্য যে, বিশ্বনাথৰ ঘিলাধাৰী নৈত গৰু বিহুৰ দিনা চতীয়া পুৰণি গাঁৱৰ ভাৰ্গৱ মন্ত্ৰী আৰু অকন্যা মন্ত্ৰী নামৰ দুই ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে ৷ পানীৰ সোঁতত উটি যোৱা ভগ্নী অকন্যাক বচাবলৈ গৈ আকাল মৃত্যুক সাৱটি লয় ভাৰ্গৱ মন্ত্ৰীয়ে । ইয়াৰ পিচতে ঘিলাধাৰী নৈত মৌচম ওজা, অভিজৎ ওজা আৰু বিকাশ হাজৰিকা নামৰ আন তিনি বন্ধুৱে গা ধুৱলৈ গৈ মৃত্যুক আঁকোৱালি লয় ।

বিহুৰ দিনা সলিল সমাধি ঘটা যুৱকৰ পৰিয়াললৈ সমবেদনা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

আনহাতে একেদিনাই ডিব্ৰুগড়ৰ লেজাই বাঁহবাৰীৰ দিহিং নদীত গা ধুবলৈ গৈ মৃত্যুক আকোঁৱালি লয় শিৰোমণি বৰা আৰু চানু খনিকৰ নামৰ আন দুজন যুৱকে ৷ যুৱককেইজনৰ অকাল মৃত্যুত স্বাভাৱিকতে বিশ্বনাথ আৰু ডিব্ৰুগড় জিলাত শোকৰ ছা পৰিছে । যুৱককেইজনৰ আকস্মিক বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আটাইকেইগৰাকী মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক :হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত কিহৰ বৈঠক কংগ্ৰেছ নেতৃত্বৰ ?

ABOUT THE AUTHOR

...view details