মৰাণ, 26 আগষ্ট :অইল ইণ্ডিয়া লিমিটেডৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মই সদায় প্ৰাধান্য দি আহিছো । জন্মৰে পৰাই মই অইলৰ তেল গচকি ডাঙৰ হৈছো । এই বিষয়ে জ্ঞাত হৈয়ে হয়তো প্ৰধানমন্ত্ৰীয়ে মোক এই গধুৰ দায়িত্ব প্ৰদান কৰিছে । এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ।
তৈলনগৰী দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ প্ৰজেক্ট ৰূপান্তৰৰ অধীনত তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাঘজানত ১০০ গৰাকী যুটীয়া দায়বদ্ধ গোটৰ সদস্যক প্ৰশিক্ষণৰ শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে । দুলীয়াজানৰ টিপলিং স্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৰূপান্তৰ বিকাশ কেন্দ্ৰত অনুষ্ঠিত অইলৰ কাৰ্যবাহী বিষয়া তথা প্ৰজেক্ট ৰূপান্তৰৰ অধ্যক্ষ তথা অইলৰ মুখপাত্ৰ তথা জনসম্পৰ্ক বিভাগৰ উপ- মহাপ্ৰৱন্ধক ত্ৰিদিৱ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া যুটীয়া দায়বদ্ধ গোটক দহ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয় ।
ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন উন্নয়ন প্ৰতিষ্ঠানৰ সহযোগত অইলে ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে বৃহত্তৰ বাঘজান অঞ্চলৰ পাঁচজনীয়া সদস্যৰে গঠিত ১০০ যুটীয়া দায়বদ্ধ গোটৰ সদস্যক এমাহৰ প্ৰশিক্ষণৰ অন্তত দহ হাজাৰকৈ টকা, পাঁচখনকৈ উৰণীয়া মাকোৰ তাঁতশাল, ৩৬ কেজিকৈ সুতা প্ৰদান কৰা হ’ব বুলি অধ্যক্ষ তাজনুৰ হুছেইনে সভাত ব্যক্ত কৰে ।
লগতে পঢ়ক :স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড: একেদিনাই প্ৰদান কৰিলে দুটাকৈ ভেকচিন